অসম

assam

ETV Bharat / bharat

হাৰিয়ানাত বিজেপি-জেজেপি চৰকাৰ, দিল্লীত অন্তিম সিদ্ধান্ত - হাৰিয়ানা চৰকাৰ গঠনৰ বাতৰি

হাৰিয়ানাত বিজেপি আৰু জেজেপি গঠন কৰিব চৰকাৰ ৷ আটাইকেইগৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থন ল'ব বিজেপি দলে ৷ দিল্লীত এই ঘোষণা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷

হাৰিয়ানাত বিজেপি-জেজেপি চৰকাৰ

By

Published : Oct 26, 2019, 3:56 AM IST

নিউজ ডেস্ক, 25 অক্টোবৰঃবহু জল্পনা-কল্পনাৰ অন্তত হাৰিয়ানাত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে ৷ জননায়ক জনতা দলৰ সমৰ্থনৰে বিজেপিয়ে গঠন কৰিব চৰকাৰ ৷ দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ শীৰ্ষ নেতৃবৃন্দৰ সৈতে জেজেপিৰ বৈঠক অন্ততে এই কথা ঘোষণা কৰা হয় ৷ চৰকাৰখনত বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে জে জে পি নেতা দুষ্যন্ত চৌতালা হ'ব পাৰে উপ-মুখ্যমন্ত্ৰী ৷

হাৰিয়ানাত বিজেপি-জেজেপি চৰকাৰ

শনিবাৰে দুয়োটা দলৰে নেতৃবৃন্দই ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ প্ৰস্তুাৱ আগবঢ়াৱ ৷ উল্লেখ্য যে, হাৰিয়ানাত চৰকাৰ গঠনৰ বাবে বিজেপিক প্ৰয়োজন 46 খন আসনৰ ৷ যদিহে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰা হয় তেন্তে জেজেপিৰ 10 খন আসনৰে বিধানসভাত সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ বাবে চৰকাৰৰ হাতত থাকিব 50 খন আসন ৷

আৰু পঢ়ক মহাৰাষ্ট্ৰৰ সিংহাসনত দেৱেন্দ্ৰ ফাড়নাবিছ নে আদিত্য ঠাকৰে

ABOUT THE AUTHOR

...view details