অসম

assam

ETV Bharat / bharat

বাজেট অধিৱেশনঃ সদনত উপস্থিত থাকিবলৈ হুইপ জাৰি বিজেপিৰ

বুধবাৰে বিজেপিয়ে লোকসভাৰ সাংসদসকলক সদনত উপস্থিত থাকি চৰকাৰৰ স্থিতি সমৰ্থন কৰিবলৈ তিনি তৰপীয়া হুইপ জাৰি কৰিছে ।

বাজেট অধিৱেশন
বাজেট অধিৱেশন

By

Published : Feb 10, 2021, 12:55 PM IST

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী: বুধবাৰে বিজেপিয়ে লোকসভাৰ নিজৰ দলৰ সাংসদসকলক সদনত উপস্থিত থাকি চৰকাৰৰ স্থিতিক সমৰ্থন কৰিবলৈ তিনি তৰপীয়া হুইপ জাৰি কৰিছে । বুধবাৰৰ বাজেট অধিৱেশনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দলৰ তৰফৰ পৰা নেতৃত্ব লৈ এই অধিৱেশনত অংশগ্ৰহণ কৰিব আৰু দলৰ হৈ প্ৰথমে গান্ধীয়ে সদনত এইবাৰৰ বাজেটৰ বিৰুধীতা কৰিব ।

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী মোডীয়ে কেন্দ্ৰীয় বাজেট ২০২১-২২ ৰ আলোচনা আৰম্ভ কৰা হ'ব । ৰাষ্ট্ৰপতি ভাষণৰ ধন্যবাদ সূচক বক্তব্যৰ পাচত সোমবাৰ আৰু মংগলবাৰে অধিৱেশন পলমকৈ আৰম্ভ হৈছিল ।

উল্লেখ্য যে, ২৯ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন আৰম্ভ হৈছে । ১৫ ফেব্ৰুৱাৰীলৈকে অধিৱেশনৰ প্ৰথমটো পৰ্যায় চলিব । ১৩ ফেব্ৰুৱাৰীত সদন স্থগিত ৰাখি অহা ৮ মাৰ্চত বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব আৰু অহা ৮ এপ্ৰিলত এই অধিৱেশনৰ সামৰণি পৰিব ।

লগতে পঢ়ক:কেৰালাত মেগালিথিক সভ্যতাৰ ভগ্নাৱশেষ উদ্ধাৰ

ABOUT THE AUTHOR

...view details