নেশ্যনেল ডেস্ক, ১৮ জানুৱাৰী: শেহতীয়াকৈ মুক্তি লাভ কৰা ৱেব ছিৰিজ 'তাণ্ডৱ'ক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে বিজেপিৰ লগতে আন কেইবাটাও ৰাজনৈতিক দল । সোমবাৰে মধ্য প্ৰদেশৰ ইন্দোৰত ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত মৰ্চাৰ কৰ্মকৰ্তাই জ্বলাই দিলে 'তাণ্ডৱ'ৰ পোষ্টাৰ । হিন্দু ধৰ্মৰ দেৱ-দেৱীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি 'তাণ্ডৱ' নিষিদ্ধ কৰাৰ দাবী জনালে প্ৰতিবাদকাৰীসকলে ।
ডিজিটেল প্লেটফৰ্মত চেন্সৰশ্বিপৰ অভাৱে বাৰম্বাৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে । ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত মৰ্চাৰ সভাপতি ৰাজেশ শিৰোদকাৰে কয় যে, 'তাণ্ডৱ'ত হিন্দুৰ আৰাধ্য দেৱতা মহাদেৱে অশ্লীল শব্দ উচ্চাৰণ কৰা দেখুওৱা হৈছে । ইয়াৰ দ্বাৰা নিৰ্মাতাই হিন্দু ধৰ্মৰ ভগৱানৰ অপমান কৰিছে বুলিও মন্তব্য কৰে আৰু ছৈফ আলী খানৰ 'তাণ্ডৱ'ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও সকিয়াই দিয়ে শিৰোদকাৰে ।