অসম

assam

ETV Bharat / bharat

বিজেপিয়ে আমাৰ সমৰ্থনত অসমত 5 খন আসন লাভ কৰিছিলঃ এনডিএফবি(প্ৰ)

বড়ো বিচ্ছিন্নতাবাদী গোট এনডিএফবি(প্ৰগতিশীল)ৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ৷ এনডিএফবি(প্ৰ)ৰ সমৰ্থনৰ বাবেই ভাৰতীয় জনতা পাৰ্টীয়ে 2014 ৰ লোকসভা নিৰ্বাচনত অসমত 5 খনকৈ আসন লাভ কৰিছিল ৷

BJP got 5 seats with our support: Claims Bodo rebel group
বিজেপিয়ে আমাৰ সমৰ্থনত অসমত 5 খন আসন লাভ কৰিছিলঃ এনডিএফবি(প্ৰ)

By

Published : Dec 9, 2019, 11:35 PM IST

নতুন দিল্লী,9 ডিচেম্বৰঃসমগ্ৰ অসম নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ উত্তপ্ত হৈ থকাৰ সময়তে সোমবাৰে নতুন দিল্লীত পৃথক বড়োলেণ্ড গঠনৰ দাবীৰে সমবেত হয় এনডিএফবি(প্ৰ) আৰু এবছুৰ প্ৰতিনিধি ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বড়ো বিচ্ছিন্নতাবাদী গোট এনডিএফবি(প্ৰগতিশীল)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ অস্ত্ৰসম্বৰণকাৰী প্ৰাক্তন এনডিএফবি(প্ৰ)ৰ নেতাগৰাকীয়ে কয় যে, "2014 ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত বিজেপিৰ নেতৃবৰ্গই আমাক প্ৰতিশ্ৰুতি দিছিল যে, কেন্দ্ৰত তেওঁলোকে চৰকাৰ গঠন কৰাৰ পাছত পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰিব ৷ সেইবাবে আমি বিজেপিক প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনালো ৷


এনডিএফবি(প্ৰ)এ বিগত 14 বছৰ ধৰি চৰকাৰৰ সৈতে শান্তি আলোচনা অব্যাহত ৰাখিছে ৷

বসুমতাৰীৰ এই মন্তব্যৰ পাছত বিগত সাধাৰণ নিৰ্বাচনত মণিপুৰৰ কুকি নেছনেল আৰ্মিয়ে ভোটাৰক বিজেপি প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনোৱাৰ বিষয়টো পুনৰ আলোচিত হৈছে ৷

উল্লেখ্য যে 2014 নিৰ্বাচনত বিজেপিয়ে অসমত 7 খন আসনত জয়ী হৈছিল ৷ লগতে এই নিৰ্বাচনৰ যোগেদি দলটোৱে উত্তৰ-পূবত ভুমুকি মাৰিবলৈ সক্ষম হৈছিল ৷

বসুমতাৰীয়ে কয়, "বিগত 14 বছৰ ধৰি আমি অস্ত্ৰবিৰতিত আছো ৷ বড়ো সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰৰ সৈতে 29 বাৰকৈ আলোচনা সম্পন্ন হৈছে ৷" তেওঁ আৰু কয়,"কেৱল এখন পৃথক বড়োলেণ্ড ৰাজ্যই বড়ো সমস্যাটোক সমাধান কৰিব পাৰে ৷ এই বড়োলেণ্ড ৰাজ্যৰ ভিতৰত সকলো বড়ো অধ্যুষিত অঞ্চল চামিল কৰা হওঁক ৷"

বিজেপিয়ে আমাৰ সমৰ্থনত অসমত 5 খন আসন লাভ কৰিছিলঃ এনডিএফবি(প্ৰ)


উল্লেখযোগ্য যে, এক বৃহৎ সংখ্যক অবড়ো জনসংখ্যাই পৃথক বড়োলেণ্ড ৰাজ্য গঠন দাবী বিৰোধিতা কৰি আহিছে ৷ বৰঞ্চ অবড়োসকলে কাৰ্যকৰী হৈ থকা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰো বিৰোধিতা কৰি আহিছে ৷

2003 চনত পূৰ্বৰ বড়ো উগ্ৰপন্থী সংগঠন বড়ো লিবাৰেচন টাইগাৰ্ছ, চমুকৈ বিএলটিৰ সৈতে স্বাক্ষৰিত হোৱা অসম চৰকাৰৰ চুক্তি মৰ্মে সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত গঠিত হৈছিল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৷ এই স্বায়ত্ব শাসিত পৰিষদ গঠনৰ মূল লক্ষ্য আছিল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলৰ সামগ্ৰিক উন্নয়ন ৷

প্ৰণিধানযোগ্য যে, বিটিচি এলেকাত 60 শতাংশ অবড়ো লোকে বসবাস কৰি আহিছে ৷

আৰু পঢ়ক তেজেৰে ইতিহাস লিখি 'আকৌ শৰাইঘাটলৈ' গুৱাহাটী বিশ্ববিদ্যালয়

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details