নিউজ ডেস্ক, 6 এপ্ৰিলঃদেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক কোভিড-19 মহামাৰীৰ সময়ত সহায়কাৰ্যত লিপ্ত হৈ পৰিবলৈ আহ্বান জনাইছে ৷ ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইদৰে পাৰ্টী কাৰ্যকৰ্তালৈ আহ্বান জনাইছে বিজেপিৰ অন্যতম শক্তিশালী নেতা তথা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
বিজেপিৰ গঠনত যোগদান দিয়া পুৰনি নেতাসকলক স্মৰণ কৰি আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ একমাত্ৰ দলটোৰ প্ৰথম অৱস্থাত কাম কৰা কাৰ্যকৰ্তাসকলৰ বাবেহে আজি কোটি-কোটি ভাৰতীয়ক সেৱা কৰাৰ সুবিধদা লাভ কৰিছে বিজেপিয়ে ৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক টুইটো কৰে ৷