নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃআগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰে মিত্ৰজোঁট গঠন জে.ডি.ইউ আৰু এল.জে.পিৰ ৷ মঙলবাৰে এই মিত্ৰজোঁটৰ কথা ঘোষণা কৰি নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল চৰকাৰক ওফৰাই পেলাব বুলি মন্তব্য প্ৰদান কৰে ৷ বিজেপিয়ে 70 খন আসনৰ 67 খনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে মিত্ৰশক্তি জনশক্তি দলে এখন আসন আৰু জনতা দলে দুখন আসনত নিজৰ প্ৰতিদ্বন্দিতা আগবঢ়াব ৷
দিল্লীৰ বিজেপি অধ্যক্ষ মনোজ তিৱাৰীয়ে এক সংযুক্ত সংবাদমেল সম্বোধন কৰি উল্লেখ কৰে যে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতান্ত্ৰিক মিত্ৰজোঁটে দিল্লীত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ লগতে তেওঁ কয় যে এই মিত্ৰজোঁটে দিল্লীত এক উচাহৰ সৃষ্টি কৰিছে যি কাহিনিও হোৱা নাছিল ৷ জে.ডি.ইউ আৰু এল.জে.পিয়ে মুখ্যত বিহাৰক লক্ষ্য কৰি দিল্লীৰ বিজেপি প্ৰক্ষেপিত 67 খন আসনত নিজৰ সহযোগিতা আগবঢ়াব ৷