নিউজ ডেস্ক, 17 জুলাইঃ বন্দুক দেখুৱাই উদ্দাম নৃত্য কৰা উত্তৰাখণ্ডৰ বিজেপি বিধায়ক প্ৰণৱ সিং চেম্পিয়নক বৰ্খাস্ত কৰিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই ৷ কিছুদিন পূৰ্বে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা প্ৰণৱ সিং চেম্পিয়নৰ অশ্লীল নৃত্যই চৰ্চা লাভ কৰিছিল ৷
বিজেপিয়ে বৰ্খাস্ত কৰিলে বিধায়ক প্ৰণৱ সিং চেম্পিয়নক - Pranav Singh Champion expelled
বন্দুক দেখুৱাই উদ্দাম নৃত্য কৰা উত্তৰাখণ্ডৰ বিজেপি বিধায়ক প্ৰণৱ সিং চেম্পিয়নক বৰ্খাস্ত কৰিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই ৷ কিছুদিন পূৰ্বে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা প্ৰণৱ সিং চেম্পিয়নৰ অশ্লীল নৃত্যই চৰ্চা লাভ কৰিছিল ৷
বিধায়ক প্ৰণৱ সিং চেম্পিয়ন
বুধবাৰে বিজেপিয়ে বিধায়কগৰাকীক ছয়বছৰৰ বাবে দলৰ পৰা বৰ্খাস্ত কৰে ৷ বিজেপিৰ মিডিয়া প্ৰধান তথা ৰাজ্যসভাৰ সাংসদ অনিল বালুনীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে বিধায়কগৰাকীক বৰ্খাস্ত কৰাৰ সবিশেষ তথ্য ৷