অসম

assam

ETV Bharat / bharat

ধনীৰ বন্ধু নৰেন্দ্ৰ মোডীঃ ৰাহুল গান্ধী - ৰাহুল গান্ধী

"বিগত পাঁচ বছৰে বিজেপিয়ে আৰ্থিকভাৱে দুৰ্বল, কৃষক তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে একোৱেই নকৰিলে ৷ যদি কিবা কৰিছে তেনেহ’লে সেয়া নৰেন্দ্ৰ মোডীৰ ধনী বন্ধুসকলৰ বাবেহে কৰিছে ৷ চকীদাৰে ইতিমধ্যে সমস্ত ৰাফেল চুক্তি পুঁজিপতি অনিল আম্বানীৰ হাতত এৰি দিছে ৷"

etv bharat

By

Published : Apr 1, 2019, 2:49 AM IST

বেংগালুৰু, 1 এপ্ৰিল: দেওবাৰে কৰ্ণাটকত অনুষ্ঠিত কংগ্ৰেছ-জেডিএচৰ যুটীয়া নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে৷ নিজকে চকীদাৰ বুলি কোৱা নৰেন্দ্ৰ মোডীক প্ৰকৃততে ধনীৰ বন্ধু বুলি কৈ কটাক্ষ কৰে গান্ধীয়ে ৷ ভাষণত ৰাহুল গান্ধীয়ে কয়-"বিগত পাঁচ বছৰে বিজেপিয়ে আৰ্থিকভাৱে দুৰ্বল, কৃষক তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে একোৱেই নকৰিলে ৷ যদি কিবা কৰিছে তেনেহ’লে সেয়া নৰেন্দ্ৰ মোডীৰধনী বন্ধুসকলৰ বাবেহে কৰিছে ৷ চকীদাৰে ইতিমধ্যে সমস্ত ৰাফেল চুক্তি পুঁজিপতি অনিল আম্বানীৰ হাতত এৰি দিছে ৷"

"চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়, স্বাস্থ্য তথা চিকিৎসালয়ৰ বাবে ধনৰ অভাৱ বিজেপিৰ ৷ কিন্তু 15-20 গৰাকীমান ধনী লোকে ঋণ বিচাৰি যেতিয়াই যায় তেওঁলোক কেতিয়াও বিমুখ নহয় ৷’’ ৰেলীত অংশগ্ৰহণ কৰি এইদৰে বিজেপিক কটাক্ষ কৰে ৰাহুল গান্ধীয়ে ৷

ABOUT THE AUTHOR

...view details