নেশ্যনেল,28 জানুৱাৰী : দিল্লীত ফেব্ৰুৱাৰীত হ'ব লগা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে বাহিৰৰ পৰা মানুহ আনি দিল্লীৰ জনসাধাৰণক অপমান কৰিছে, এই অভিযোগ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ শনিবাৰে বিজেপিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, তেওঁক নিৰ্বাচনত পৰাজয় কৰিবৰ বাবে বিজেপিয়ে 200 সাংসদ, 70 মন্ত্ৰী আৰু 11 মুখ্যমন্ত্ৰীক দিল্লীলৈ আনিছে ৷ গোকাপ্লুৰি সমষ্টিত AAP ৰ প্ৰাৰ্থীৰ সুৰেন্দ্ৰ কুমাৰ হৈ নিৰ্বাচনী প্ৰচাৰত কেজৰিৱালে কয়, "বিজেপিয়ে 200 জন সাংসদ, 70 জন মন্ত্ৰী আৰু 11 জন মুখ্যমন্ত্ৰীক দিল্লীলৈ আনিছে, কিয়নো দিল্লীয়ে তেওঁলোকক সমৰ্থন নকৰে গতিকে এতিয়া তেওঁলোকে বাহিৰৰ মানুহ আনিছে ৷"
লগতে পঢ়ক:ছয় কোটি কৃষকক প্ৰদান কৰা হ'ল 12,000 কোটি টকা : মোডী