অসম

assam

ETV Bharat / bharat

তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনঃ বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা - Legislative Assembly Election

লোকসভা নিৰ্বাচনৰ লগতে মেঘালয় বিধানসভাৰ উপনিৰ্বাচন তথা অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে ৷

বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ

By

Published : Mar 23, 2019, 3:32 PM IST

নিউজ ডেস্ক, ২৩ মাৰ্চঃ এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'বলগীয়া লোকসভা নিৰ্বাচনক লৈ তুংগত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে বিজেপিয়ে প্ৰকাশ কৰিলে তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ৷

প্ৰাৰ্থী তালিকা

লোকসভাৰ সমান্তৰালকৈ মেঘালয়ত এখন আসনকে ধৰি অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশ্যাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে তিনিওখন ৰাজ্যতে প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা ৷

আজি নতুন দিল্লীৰ দীন দয়াল উপাধ্যায় মাৰ্গস্থিত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সভা অনুষ্ঠিত কৰি দলটোৱে প্ৰকাশ কৰে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ৷ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সমিতিৰ সভাত দলটোৱে প্ৰকাশ কৰিছে বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ৷ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী অৰুণ জেটলী, বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ, পথ যোগাযোগ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীকে ধৰি কেন্দ্ৰীয় নিৰ্বাচনী কাৰ্যনিৰ্বাহকৰ সকলো সদস্য উপস্থিত থাকে ৷

সেই অনুসৰি দলটোৱে অন্ধ্ৰ প্ৰদেশৰ ৫১খন আৰু ওড়িশ্যাৰ ২২ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ ইয়াৰ লগতে মেঘালয় বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে এজন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে ৷ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত মেঘালয়ৰ চেলছেলা বিধানসভা সমষ্টিত টিকট লাভ কৰিছে শ্ৰী অদৰ্শো চাংমাই ৷

ABOUT THE AUTHOR

...view details