দুটা দিন, এখন বহু বিতৰ্কিত বিধেয়ক ৷ এই বিধেয়কক লৈ জ্বলিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ৷ অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত সকলোৱেই বিশ্বাসঘাটকতা কৰিলে অসমীয়া জাতিক ৷ দুদিন ধৰি জাতিধ্বংসী বিধেয়কখনক লৈ ৰাজ্যজুৰি অগ্নিগৰ্ভা পৰিৱেশে বিৰাজ কৰিছে ৷ ঘৰ বাৰী এৰি ৰাইজ উলাই আহিছে বিধেয়কৰ বিৰোধিতা কৰিবলৈ ৷ কিন্তু অসমত থাকিলে বিধেয়কৰ বিৰোধিতা কৰা একাংশ অসমীয়াই ৰাম ঠগন দিলে জাতিটোক ৷ লোকসভাত যেনেদৰে অসমৰ একাংশ সাংসদে নীৰৱে নিশ্চুপ থাকি বিধেয়কখনৰ বিৰোধিতা নকৰিলে একদৰে বুধবাৰে ৰাজ্যসভাতো বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিনাদ্বিধাই সমৰ্থন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক ৷
কাক বিশ্বাস কৰিব অসমীয়াই ? বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিশ্বজিত দৈমাৰীক ! - বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য
লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিচত বুধবাৰে ৰাজ্যসভাত উত্থাপন কৰা হয় বিধেয়কখন ৷ ৰাজ্যত বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত থকাৰ মাজতো আশা কৰিছিল অসমৰ ৰাইজে যে, অসমৰ আঞ্চলিকতাবাদী দল সমূহে অন্তত বুজি পাব অসমীয়াৰ মৰ্মবেদনা ৷ কিন্তু যাকেই বিশ্বাস কৰিলে সিয়েই বিশ্বাসঘাতকতা কৰিলে অসমীয়া ৰাইজক ৷
আঞ্চলিকতাবাদৰ কথা কোৱা, দেশ, জাতি, মাতি ৰক্ষাৰ নাম লৈ এসময়ত অসম আন্দোলন কৰা অগপ দলৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যও ঠিয় হ'ল বিধেয়কখনৰ সমৰ্থনত ৷ ঐতিহাসিক অসম আন্দোলনৰ নেতৃত্ব লোৱা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বুধবাৰে ৰাজ্যসভাত বেছিখিনি সময় পাৰ কৰিলে অসম আন্দোলন আৰু অসমীয়া জাতিৰ ইতিহাস কৈ ৷ তাৰ বিপৰীতে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মুখৰ পৰা এটাও শব্দ নোলাল নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰ সম্পৰ্কত ৷ ্অতি কৌশলী স্থিতি গ্ৰহণ‘ কৰি আঞ্চলিকতাবাদৰ ধ্বজা বহন কৰি এসময়ৰ অসম আন্দোলনৰ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বিধেয়কখন দুদিন মান ৰৈ পৰ্যালোচনা কৰাৰ কথা ক'লে যদিও জাতীয়তাবাদৰ পোচাক পৰিহিত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মুখৰ পৰা নোলাল অসমীয়াৰ সপক্ষে এটাও শব্দ ৷