অসম

assam

By

Published : Jan 12, 2020, 7:50 PM IST

ETV Bharat / bharat

পাৰ চৰাইক খাদ্য প্ৰদান ময়ুৰভঞ্জৰ 'বাৰ্ডমেন'ৰ

'বাৰ্ডমেন' খ্যাত সুৰজ কুমাৰ ৰাজ প্ৰতিদিনে হাজাৰ হাজাৰ পাৰ চৰাইক খাদ্য প্ৰদান কৰে ৷ পেছাত এজন ট্ৰেফিক আৰক্ষী ৰাজ ৷

পাৰ চৰাইক খাদ্য প্ৰদান ট্ৰেফিক আৰক্ষীৰ
ময়ুৰভঞ্জৰ 'বাৰ্ডমেন'

নেশ্যনেল ডেস্ক, 12 জানুৱাৰী : উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাৰ বৰিপাডা চহৰৰ 'বাৰ্ডমেন'খ্যাত এগৰাকী ট্ৰেফিক আৰক্ষীয়ে গ্ৰহণ কৰিছে ব্যতিক্ৰমী প্ৰচেষ্টা ৷ যোৱা 10 বছৰ ধৰি চহৰখনৰ বৃহৎ সংখ্যক পাৰ চৰাইক খাদ্য প্ৰদান কৰি আহিছে আৰক্ষী জোৱানজনে ৷

52 বৰ্ষীয় সুৰজ কুমাৰ ৰাজ নামৰ বৰিপাডা আৰক্ষী চকীত কৰ্মৰত ট্ৰেফিক আৰক্ষীজনে চহৰৰ বিভিন্ন স্থানত হাজাৰ-হাজাৰ পাৰক খাদ্য প্ৰদান কৰে ৷

ৰাজে কয়, "ট্ৰেফিক আৰক্ষী হিচাপে মোৰ চাকৰিটোৰ দৰে চৰাইক খাদ্য প্ৰদান কৰাটোও মোৰ দায়িত্ব বুলি মই ভাবো ৷ মই বহু সুখী হওঁ যেতিয়া চৰাইবোৰ আহে আৰু মোৰ হাতৰ পৰা খাদ্য গ্ৰহণ কৰে ৷ চৰাইবোৰে যিদৰে মোক ভাল পাই সেইদৰে মইও চৰাইবোৰক ভাল পাওঁ ৷ কেতিয়াবা মই চাকৰিৰ দায়িত্বত থাকিলে মোৰ ওচৰলৈ পাৰবোৰ কান্ধত বহি লয় ৷"

তেওঁ লগতে কয় যে, বহু লোকৰ মাজতো চৰাইবোৰে তেওঁক চিনাক্ত কৰি উলিয়াব পাৰে আৰু প্ৰতিদিনে পুৱাৰ ভাগত খাদ্য গ্ৰহণৰ বাবে পাৰবোৰ তেওঁলৈ ৰৈ থাকে ৷

ৰাজে লগতে কয়, "এই প্ৰাণীবোৰক খাদ্য প্ৰদান কৰিব পাৰিলেহে মই সুখী হওঁ ৷ মই গৰুকো খাদ্য প্ৰদান কৰো ৷ মই বাইকত আহি থকা দেখিলে গৰুবোৰেও মোৰ ওচৰলৈ খৰতকীয়াকৈ আহে ৷"

অতিৰিক্ত আৰক্ষী অধীক্ষক অভিমন্যু নায়কে কয় যে, স্থানীয় লোকে তেওঁক 'বাৰ্ডমেন' আখ্যা দিছে আৰু এই কাৰণে সকলোকে তেওঁক লৈ গৰ্ব কৰে ৷

আৰু পঢ়ক : ই টিভি EXCLUSIVEঃ অমিত শ্বাহৰে বৈঠক অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সমিতিৰ

ABOUT THE AUTHOR

...view details