নেশ্যনেল ডেস্ক, 28 জানুৱাৰী: উৰিষ্যা চৰকাৰে আৰম্ভ কৰিছে কুকুৰাৰ নিধনযজ্ঞ ৷ চৰকাৰী তথ্যৰ মতে, কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় উৰিষ্যা(OUAT)ৰ কুকুৰা ফাৰ্মত কুকুৰাৰ এভিয়ান ইনফ্লুৱেনযা(avian influenza) বা পক্ষী জ্বৰ হোৱাৰ কথা চিনাক্ত হোৱাৰ পাছত বৰ্তমান উৰিষ্যা চৰকাৰে কুকুৰাৰ নিধনযজ্ঞ আৰম্ভ কৰিছে ৷ সিৰিপুৰস্থিত পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত অ'ইউএটি(OUAT) ৰ কুকুৰা ফাৰ্মৰ 1 কি.মি. নিলগত কুকুৰাবিলাকক বিশেষ পদ্ধতিৰে নিষ্কাশন কৰি নিধন কৰাৰ কাম সঞ্চালন কৰা হৈছে ৷
উৰিষ্যাত 'বাৰ্ড ফ্লু' : চৰকাৰে আৰম্ভ কৰিছে কুকুৰাৰ নিধন যজ্ঞ - High-Security Animal Disease Laboratory
কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় উৰিষ্যা(OUAT)ৰ কুকুৰা ফাৰ্মত কুকুৰাৰ এভিয়ান ইনফ্লুৱেনযা(avian influenza) বা বাৰ্ড ফ্লু হোৱাৰ কথা চিনাক্তকৰণ ৷ বৰ্তমান উৰিষ্যা চৰকাৰে চলাইছে কুকুৰাৰ নিধনযজ্ঞ ৷
এই সন্দৰ্ভত অ'ইউএটি প্ৰফেচাৰ সুসান পাণ্ডাই জনাই যে, তেওঁলোকে তেজৰ নমুনা ভূপালৰ উচ্চ-সুৰক্ষিত পশুৰোগ পৰীক্ষাগাৰ(High-Security Animal Disease Laboratory,HSADL) লৈ প্ৰেৰণ কৰিছিল আৰু পৰীক্ষাত তেজৰ নমুনাসমূহ H5N1 ভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত হয় ৷ মৎস্যপালন আৰু পশু সম্পদ বিভাগৰ এজন বিষয়াই জনাই যে, সংক্ৰমিত অঞ্চলৰ 1 কি.মি. ভিতৰত থকা সকলো কুকুৰাক গোটাই বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাশন কৰি নিধন কৰা হৈছে ৷ প্ৰফেচাৰ সুসান পাণ্ডাই কয় যে, ফাৰ্মত কুকুৰা বিলাকৰ অস্বাভাৱিক মৃত্যুৰ পাছত তেজৰ নমুনা পৰীক্ষাগাৰলৈ পঠিওৱা হৈছিল ৷ আৰু এতিয়ালৈ প্ৰায় 1500 মান কুকুৰাৰ মৃত্যু হৈছে ৷ লগতে জনাই যে অ'ইউএটি কৰ্তৃপক্ষই ইতিমধ্যে কুকুৰা ফাৰ্মখনক ছীল কৰি দিছে ৷ এই সন্দৰ্ভত বৰ্তমান জনসাধাৰণক উৰিষ্যা চৰকাৰে জাননী দিছে যে, 'বাৰ্ড ফ্লু' ৰ বাবে ভয় কৰাৰ প্ৰয়োজন নাই, ইতিমধ্যে পৰিস্থিতি প্ৰায় নিয়ন্ত্ৰণলৈ অনা হৈছে ৷
আন এক তথ্যৰ মতে, ৰাজধানী চহৰত অৱস্থিত নন্দনকানন চিৰিয়াখানাৰ চৰাইখানাটো বাৰ্ড ফ্লু''ৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷
লগতে পঢ়ক:নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে বাহিৰৰ মানুহ আনি দিল্লীৰ জনসাধাৰণক অপমানিত কৰিছে : অৰবিন্দ কেজৰিৱাল