নিউজ ডেস্ক,৮ জানুৱাৰী :কেৰালা,কৰ্ণাটক আদি ৰাজ্য়ৰ পিছত এইবাৰ বাৰ্ড ফ্লুকলৈ চিন্তাত পৰিছে হাৰিয়ানা চৰকাৰ । শুকুৰবাৰে পুৱা ৰাজ্য়খনৰ গুৰুগ্ৰামস্থিত টাউ দেৱী লাল জৈৱ বৈচিত্ৰ উদ্য়ানত প্ৰায় ৫ টা কাউৰী মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰিছে । অৱশ্য়ে চৰাই কেইটাৰ মৃত্য়ুৰ কাৰণ জানিবলৈ ইতিমধ্য়ে নমুনা পৰীক্ষণৰ বাবে পঠিওৱা হৈছে ।
উদ্য়ানখনৰ এগৰাকী বিষয়াই জনোৱা মতে কাউৰী কেইটাৰ মৃত্য়ুৰ কাৰণ জানিবলৈ পৰীক্ষা অব্য়াহত ৰখাৰ লগতে উদ্য়ানখনৰ আন চৰাইবোৰৰ গতিবিধিও নিৰীক্ষণ কৰি থকা হৈছে । এভিয়েন ইনফ্লুৱেঞ্জা অথবা বাৰ্ড ফ্লুৰ লক্ষণ সমূহ উদ্য়ানখনৰ পক্ষীবোৰৰ দেহত আছে নেকি তাৰো সম্পূৰ্ণ নিৰীক্ষণ কৰি থকা বুলি বিষয়াজনে জানিবলৈ দিয়ে ।
খবৰ অনুসৰি হাৰিয়ানাত যোৱা কিছুদিনত প্ৰায় এক লাখ কুকুৰাৰ ৰহস্য়জনকভাবে মৃত্য়ু হৈছে । লগতে জিন্দ অঞ্চলত ৰহস্য়জনক ভাৱে ১০ টা কাউৰীৰো মৃত্য়ু হৈছে । দেশৰ অন্য় ৰাজ্য়সমূহত বাৰ্ড ফ্লু ধৰা পৰাৰ মাজতে হাৰিয়ানাত এনেদৰে ৰহস্য়জনকভাৱে পক্ষীৰ মৃত্য়ু হোৱাত চিন্তিত ৰাজ্য়খনৰ বন বিভাগ । লগতে মৃত পক্ষীসমূহৰ সংস্পৰ্শলৈ অহাৰ সময়ত ৰবৰৰ গ্লোভচ,চছমা আৰু ফেছ শ্বীল্ড আদি পৰিধান কৰাৰ লগতে সুৰক্ষামূলক ব্য়ৱস্থা গ্ৰহণৰ বাবে বিষয়াসকলক আহ্বান জনাই বন বিভাগে ।