নেশ্যনেল ডেস্ক,৫ছেপ্টেম্বৰ: জ্যেষ্ঠ আই পি এছ বিষয়া বিপিন কুমাৰ সিঙে নৱী মুম্বাইৰ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । বৃহস্পতিবাৰে কাৰ্যভাৰ গ্ৰহণৰ পিছতে সিঙে কয় যে, আইন-শৃখলা বজাই ৰখাতো তেওঁৰ মুখ্য দায়িত্ব। কিন্তু বৰ্তমান আৰক্ষী, নাগৰিক সকলোৱে কৰ'ণাৰ সৈতে যুঁজি থকা বাবে আইন-শৃখলা বজাই ৰখাৰ ক্ষেত্ৰত সমস্যা আহি পৰিছে।
নৱী মুম্বাইৰ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ বিপিন কুমাৰ সিঙৰ - বিপিন কুমাৰ সিঙে
নৱী মুম্বাইৰ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে জ্যেষ্ঠ আই পি এছ বিষয়া বিপিন কুমাৰ সিঙে।
নৱী মুম্বাইৰ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ বিপিন কুমাৰ সিঙৰ
গতিকে এই ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন হ'ব বুলি মন্তব্য কৰে নবনিযুক্ত আৰক্ষী আয়ুক্তগৰাকীয়ে। আনহাতে নৱনিৰ্মিত মীৰা ভয়ন্দৰ বসাই বিৰাৰ আয়ুক্তালয়ৰ প্ৰথম আৰক্ষী আয়ুক্ত সদানন্দ দাতেই ভয়ন্দৰ আৰু বসাইৰ পৰিভ্ৰমণ কৰে । কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰে নতুন আয়ুক্তালয়ৰ গঠনৰ কথা ঘোষণা কৰিছিল । থানে জিলাত বৰ্তমান ৩গৰাকী আয়ুক্ত নিয়োগ কৰা হৈছে । মীৰা ভয়ন্দৰ বসাই বিৰাৰ আয়ুক্তালয়ে ২০ খন আৰক্ষী থানা সামৰি ল'ব।