অসম

assam

ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডৰ অভিযুক্ত বিনয় শৰ্মাৰ কাৰাগাৰত আত্মহননৰ চেষ্টা - 2012 চনৰ 16 ডিচেম্বৰত দিল্লীত সংঘটিত নিৰ্ভয়া কাণ্ড

ফাঁচীৰ পূৰ্বে নিৰ্ভয়া কাণ্ডত জড়িত অন্যতম অভিযুক্ত বিনয় শৰ্মাই কাৰাগাৰৰ ভিতৰত আত্মহননৰ চেষ্টা চলায় ৷ তিহাৰ কাৰাগাৰৰ কোঠাৰ দেৱালত মূৰত আঘাত কৰি আত্মহননৰ চেষ্টা চলায় বিনয় নামৰ অপৰাধীজনে ৷

Binay Sarma convicted of nirbhaya case attempt to injure himself at jail latest bharat news India Etv bharat news
আত্মহননৰ চেষ্টা বিনয় শৰ্মাৰ

By

Published : Feb 20, 2020, 12:38 PM IST

নতুন দিল্লী,20 ফেব্ৰুৱাৰীঃ সমগ্ৰ ভাৰতবৰ্ষ জোকাৰি যোৱা নিৰ্ভয়া কাণ্ডৰ চাৰিগৰাকী অপৰাধীৰ ফাঁচীৰ দিন সমাগত ৷ ফাঁচীৰ পূৰ্বে নিৰ্ভয়া কাণ্ডত জড়িত অন্যতম অভিযুক্ত বিনয় শৰ্মাই কাৰাগাৰৰ ভিতৰত আত্মহননৰ চেষ্টা চলায় ৷ তিহাৰ কাৰাগাৰৰ কোঠাৰ দেৱালত মূৰত আঘাত কৰি আত্মহননৰ চেষ্টা চলায় বিনয় নামৰ অপৰাধীজনে ৷

আত্মহননৰ চেষ্টা বিনয় শৰ্মাৰ

দিল্লীৰ পাটিয়ালা হাউচ আদালতে এসপ্তাহ পূৰ্বে ঘোষণা কৰা নিৰ্দেশ অনুসৰি 3 মাৰ্চৰ পুৱা 6 বজাত নিৰ্ভয়া কাণ্ডত জড়িত অপৰাধীসকলক ফাঁচী দিয়া হ’ব ৷ সোমবাৰে আদালতে নিৰ্ভয়াৰ পিতৃ-মাতৃৰ আবেদনমৰ্মে ফাঁচীৰ শুনানি ঘোষণা কৰিছিল ৷ শুনানিৰ সময়ত অপৰাধীকেইজনৰ অধিবক্তা এ পি সিঙে বিনয়ৰ শাৰীৰিক আৰু মানসিক স্থিতি সবল নহয় বুলি আদালতত উল্লেখ কৰাৰ লগতে ধৃত বিনয়ৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আদালতক অনুৰোধ জনাইছিল ৷ পূৰ্বে 5 ফেব্ৰুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ে ফাঁচীৰ বাবে এসপ্তাহৰ সময় দি অপৰাধীৰ ক্ষমা আবেদন নাকচ কৰিছিল ৷

উল্লেখ্য যে,2012 চনৰ 16 ডিচেম্বৰত দিল্লীত সংঘটিত নিৰ্ভয়া কাণ্ডৰ অভিযুক্তসকলৰ অন্যতম ৰাম সিং নামৰ অপৰাধীজনে তিহাৰ কাৰাগাৰতে আত্মহত্যা কৰিছিল ৷

লগতে চাওকঃচীনত কৰ’ণা ভাইৰাছৰ আতংকত প্ৰায় 2000 লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details