নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপক মানৱদৰদী বিল গেটছে HIV আৰু COVID-19ৰে যুঁজত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকাৰ অধ্যাপক ছেলিম আব্দুল আৰু তেওঁৰ পত্নী কুৱেৰেশ্বাৰ শলাগ লৈছে । বিজ্ঞানী দম্পত্তিয়ে দক্ষিণ আফ্ৰিকাত স্থানীয়, ৰাষ্ট্ৰীয়ভাৱে আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে যুৱতীসকলৰ মাজত HIV সংক্ৰমণ ৰোধৰ বাবে কাম কৰি আহিছে । কৱাঝুলু-নাটাল বিশ্ববিদ্যালয়ত থকা এইডছ প্ৰগ্ৰেম অৱ ৰিচাৰ্চ ইন ছাইথ আফ্ৰিকাৰ জৰিয়তে এই সেৱা আগবঢ়াই আহিছে । বিল গেটছে কয় যে, তেওঁৰ ফাউণ্ডেছনে কৰা COVID-19ৰ সংক্ৰমণৰ এক পৰীক্ষাত এই দম্পত্তি জড়িত হৈ আছিল ।
COVID-19 সন্দৰ্ভত দক্ষিণ আফ্ৰিকাৰ চৰকাৰে গঠন কৰে পৰমৰ্শদাতাৰ দলক নেতৃত্ব দিছিল অধ্যাপক ছেলিম আব্দুলে । তেওঁ গেটছ ফাউণ্ডেছন বৈজ্ঞানিক পৰামৰ্শদাতাৰ বৰ্ডত ১০ বছৰ ধৰি কাম কৰিছিল । ছেলিম HIV বিষয়ক বিশ্ব স্বাস্থ্য সংস্থাৰ বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ । গেটছে কয় যে, HIV আৰু যক্ষ্মাৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এইবাৰ তেওঁলোকক দক্ষিণ আফ্ৰিকা আৰু সমগ্ৰ বিশ্বতে COVID-19ৰ সংক্ৰমণ ৰোধৰ বিষয়ত মাৰ্গদৰ্শন কৰিছে । মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপকগৰাকীয়ে কয় যে, কেপ্ৰিছাৰ আদৰ্শই তেওঁক আকৰ্ষিত কৰিছে ।