নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ : ভাৰতীয় নৌ-সেনা আৰু জাপান নৌ-সেনাৰ মাজৰ দ্বিপাক্ষিক সাগৰীয় অনুশীলন JIMEX 2020ৰ চতুৰ্থ সংস্কৰণ আজিৰে পৰা আৰম্ভ হ'ব ৷ দুবছৰৰ অন্তৰালত হোৱা এই সাগৰীয় অনুশীলনত দুয়োখন দেশৰ নৌ-সেনাই ভাৰতৰ পশ্চিম উপকূলৰ উত্তৰ আৰৱ সাগৰত অংশগ্ৰহণ কৰিব ৷ 2012 চনৰ জানুৱাৰী মাহত সাগৰীয় সুৰক্ষাৰ লক্ষ্যৰে ভাৰত আৰু জাপানৰ মাজত এই অনুশীলন আৰম্ভ হৈছিল ৷ JIMEX 2020ৰ চতুৰ্থ সংস্কৰণ 26 ছেপ্টেম্বৰৰ পৰা 28 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ৷ শেষৰবাৰ এই অনুশীলন 2018 চনৰ অক্টোৱৰ মাহত বিশাখাপট্টনমত অনুষ্ঠিত হৈছিল ৷
উল্লেখ্য যে, ভাৰত আৰু জাপানৰ মাজত নৌ-সুৰক্ষা তথা সহযোগিতাত শেহতীয়াকৈ উন্নতি দেখিবলৈ পোৱা গৈছে ৷ দুয়োখন দেশৰ যুটীয়া অনুশীলনৰ লগতে সামৰিক প্ৰযুক্তি তথা প্ৰশিক্ষণৰ সালসলনিয়ে ইয়াৰ প্ৰমাণ ৷ চলিত JIMEX 2020ৰ চতুৰ্থ সংস্কৰণত দুয়োখন দেশৰ নৌ-সেনাই উচ্চ পৰ্যায়ৰ পৰিকল্পনাযুক্ত সাগৰীয় অভিযান, শত্ৰুক প্ৰতিহত কৰা প্ৰযুক্তি আৰু বিশেষকৈ কোভিড-19 মহামাৰীলৈ লক্ষ্য ৰাখি ‘non-contact at-sea-only format’ শীৰ্ষকভাৱে এই অনুশীলনত অংশগ্ৰহণ কৰিব ৷