অসম

assam

বীজাপুৰ সংঘৰ্ষৰ শ্বহীদ চিআৰপিএফ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

By

Published : Jun 29, 2019, 3:01 PM IST

শুকুৰবাৰে ছত্তিশগড়ৰ বীজাপুৰ জিলাত নক্সালবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ চিআৰপিএফ জোৱানক অন্তিম শ্ৰদ্ধা অৰ্পণ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷

বীজাপুৰ সংঘৰ্ষৰ শ্বহীদ চিআৰপিএফ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, 29 জুনঃ ছত্তিশগড়ৰ বীজাপুৰ জিলাত মাওবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হয় চিআৰপিএফৰ তিনিগৰাকীকৈ জোৱান ৷ ইয়াৰ উপৰিও সংঘৰ্ষত নিহত হয় এগৰাকী অসামৰিক লোক ৷

শুকুৰবাৰে ৰাজ্যখনৰ বীজাপুৰত সংঘটিত হোৱা সংঘৰ্ষত শ্বহীদ হয় বাহিনীটোৰ 119 বেটালিয়নৰ সহকাৰী উপ-পৰিদৰ্শক মহাদেৱ পাটিল, সহকাৰী উপ-পৰিদৰ্শক মদন পালৰ লগতে হেড কনিষ্টবল সাজী ৷

শনিবাৰে দিনৰ ভাগত নিহত জোৱানকেইজনৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন হয় ৷ মৰনোত্তৰ পৰীক্ষাৰ পিচতে শ্বহীদকেইজনৰ নশ্বৰ দেহ ৰায়পুৰস্থিত শ্বহীদ স্মাৰকলৈ লৈ অনা হয় ৷ শ্বহীদ স্মাৰকত ৰাজ্যখনৰ গৃহমন্ত্ৰী তাম্ৰধ্বজ চাহুৰ লগতে চিআৰপিএফ তথা ছত্তিশগড় আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ উপস্থিতিত শ্বহীদক অন্তিম শ্ৰদ্ধা অৰ্পণ কৰে মুখ্যমন্ত্ৰী বাঘেলে ৷

ABOUT THE AUTHOR

...view details