নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ : 10 মিনিট পলম হোৱাৰ বাবে এগৰাকী NEET পৰীক্ষাৰ্থীয়ে কলকাতাৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ অনুমতি লাভ নকৰিলে ৷ 24 ঘন্টা ধৰি 700 কিল'মিটাৰ দূৰ্গম পথ অতিক্ৰম কৰি পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈছিল দাৰভংগাৰ সন্তোষ কুমাৰ যাদৱ নামৰ ছাত্ৰজন ৷
নিজৰ অভিজ্ঞতা সম্পৰ্কত সন্তোষে কয় যে, শনিবাৰে তেওঁ পুৱা 8 বজাত বাছত উঠিছিল কিন্তু মুজফ্ফৰপুৰ আৰু পাটনাৰ মাজত যান-জঁটৰ সৃষ্টি হোৱা বাবে প্ৰায় 6 ঘন্টা খৰছ নষ্ট হয় ৷
তেওঁ কয়, "নিশা 9 বজাত পাটনাৰ পৰা আহি দেওবাৰে দিনৰ 1 বজাত কলকাতাত উপস্থিত হওঁ ৷ তাৰপাচত আমি এখন টেক্সি লও আৰু প্ৰায় 1.40 বজাত পৰীক্ষা কেন্দ্ৰত উপস্থিত হও ৷ যিহেতু 1.30 বজাৰ পৰা পৰীক্ষা আৰম্ভ হৈছে সেয়েহে মোক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল ৷"
তেওঁ লগতে কয় যে, দুদিন ধৰি বাছ টিকেট বুক কৰিবলৈ চেষ্টা কৰি আছিল আৰু শনিবাৰে এটা টিকেট লাভ কৰিছিল ৷ এজন কৃষকৰ পুত্ৰ সন্তোষে কেবত 300 টকা দি পৰীক্ষা কেন্দ্ৰলৈ যাবলৈ লগা হৈছিল ৷