নতুন দিল্লী, 22 নৱেম্বৰ:শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ 1197 গৰাকী প্ৰাৰ্থী অপৰাধমূলক কাৰ্যকলাপৰ সৈতে নাম জড়িত থকাৰ অভিযোগত অভিযুক্ত ৷ নিৰ্বাচনী আয়োগৰ মতে ইয়াৰে 467 গৰাকী প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পাৰ্টীৰ দ্বাৰা আগবঢ়োৱা হৈছিল ৷ বাকী 730 গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়নভুক্ত অথচ অস্বীকৃতিপ্ৰাপ্ত দলৰ হৈ নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিল ৷
বিহাৰ নিৰ্বাচনৰ 1197 গৰাকী প্ৰাৰ্থীয়ে পূৰ্বতে অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ - অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত থকা 1,100 ৰো বেছি প্ৰাৰ্থীয়ে বিহাৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল
নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত থকা 1,100 ৰো বেছি প্ৰাৰ্থীয়ে বিহাৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল ৷ যিহেতু সকলো প্ৰাৰ্থীক তেওঁলোকৰ অপৰাধমূলক কাৰ্যকলাপ সমূহৰ বিষয়ে অৱগত কৰাটো বাধ্যতামূলক কৰা হৈছিল সেয়ে প্ৰাৰ্থী সকলে স্থানীয় বাতৰিকাকতত তেওঁলোকৰ সকলো তথ্য প্ৰকাশ কৰিছিল ৷
বিহাৰ নিৰ্বাচনৰ 1197 গৰাকী প্ৰাৰ্থীয়ে পূৰ্বতে অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ
বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী আয়োগৰ দ্বাৰা উপলব্ধ তথ্য অনুসৰি নিৰ্বাচনী ৰেলীৰ আয়োজন কৰা আয়োজক সকলৰ বিৰুদ্ধে 156 টা গোচৰ পঞ্জীয়ন আছে ৷ উপলব্ধ তথ্য অনুসৰি বহুকেইগৰাকী নেতা আৰু প্ৰাৰ্থীৰ বিৰুদ্ধে ক'ভিড-19 সম্পৰ্কীয় নীতি নিৰ্দেশনা সমূহ অৱমাননা কৰাৰো অভিযোগ আছে ৷ অভিযোগ অনুসৰি এই আয়োজক সকলৰ বিৰুদ্ধে এইবাবেই অভিযোগ অনা হৈছে , যিহেতু যিসমূহ সভা আৰু ৰেলী অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকে অনুমতি গ্ৰহণ কৰিছিল সেই সমূহ সভাত ক'ভিড-19 নীতি নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক কৰা হৈছিল ৷