নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ:বিহাৰত নিৰ্বাচনী দৌৰৰ সমান্তৰালকৈ Association of Democratic Reforms এ ফাদিল কৰে এক তথ্য ৷ তথ্য অনুসৰি, ৰাষ্ট্ৰীয় জনতা দলত কংগ্ৰেছ পাচতে আছে আটাইতকৈ অধিক দাগী নেতাৰ সংখ্যা ৷ এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীত এনে লোকৰ সংখ্যা একেবাৰেই তাকৰ ৷
Association of Democratic Reforms ৰ প্ৰতিবেদন মতে, 41 শতাংশ RJD নেতাৰ ওপৰত আছে অপৰাধৰ অভিযোগ ৷ য'ত কংগ্ৰেছৰ আছে 40 শতাংশ আৰু জনতা দল ইউনাইটেডৰ লগতে বিজেপিৰ ক্ৰমে 37 আৰু 35 শতাংশ নেতাৰ আছে অপৰাধৰ অভিযোগ ৷
প্ৰতিবেদন খনৰ সমীক্ষা 2015 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলৰ দ্বাৰা দাখিল কৰা শপতনামাৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ৷
প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, 11 গৰাকী বিধায়ক হত্যাৰ অভিযোগত আৰু 30 গৰাকী বিধায়ক হত্যাৰ চেষ্টাৰ অভিযোগত অভিযুক্ত হোৱাৰ লগতে, 5 গৰাকী মহিলাৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ ধাৰাৰ অন্তৰ্গত ৷ ইয়াৰোপৰি এগৰাকীৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগো আছে ৷
আনহাতে এই প্ৰতিবেদনত উল্লেখিত আন কেতবোৰ তথ্যৰ ভিতৰত আছে যে, 240 গৰাকী বিধায়কৰ ভিতৰত 67 গৰাকীয়েই কোটিপতি ৷ খাগাড়িয়াৰ বিধায়ক পুনম দেৱী বিহাৰ বিধানসভাৰ আটাইতকৈ অধিক ধনী বিধায়কৰ শীৰ্ষত আছে ৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ হ'ল 41 কোটি টকা ৷ য'ত নেকি ভাগলপুৰৰ কংগ্ৰেছ বিধায়ক অজিত শৰ্মাৰ সম্পত্তিৰ পৰিমাণ 40 কোটি টকা আৰু ৰাণীগঞ্জৰ জেডিইউৰ বিধায়ক অস্মিত ঋষিদেৱৰ 9.6 লাখ টকাৰ সম্পত্তি আছে ৷
প্ৰতিবেদনত এইটোও উল্লেখ আছে যে, 240 গৰাকী বিধায়কৰ ভিতৰত 134 গৰাকী স্নাতকৰ ওপৰত ৷ এই ক্ষেত্ৰত 96 গৰাকী স্নাতক আৰু 9 গৰাকী কেৱল সাক্ষৰ ৷
লগতে পঢ়ক:উত্তৰ বিহাৰৰ কেইবাটাও প্ৰান্ত জোকাৰি যায় ভূইকঁপে