নিউজ ডেস্ক, ১৪ অক্টোবৰ : কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ বাসগৃহত আলোচনাত মিলিত হ'ব দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটী । বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ এইদৰে আলোচনাত মিলিত হ'ব দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বিহাৰৰ শীৰ্ষ নেতাসকল ।
ইয়াৰ পূৰ্বে ৫ অক্টোবৰত প্ৰথম পৰ্যায়ৰ ২১ গৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিবলৈ আলোচনাত মিলিত হৈছিল দলটোৰ শীৰ্ষ নেতাসকল আৰু ৭ অক্টোবৰত প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল । প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতেই দলীয় স্তৰত যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল দলটো ।
অৱশ্যে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাৰ সময়ত কোনো ব্যক্তিগত মন্তব্য আৰু পচন্দক গুৰুত্ব দিয়া নহয় বুলি স্পষ্ট কৰিছে শীৰ্ষ নেতৃত্বই ।
আনহাতে ৭০ খন আসনত প্ৰাৰ্থী ভাগ বিতৰণক লৈয়ো দলটোৱে সমস্যাৰ সন্মুখীন হৈছিল । আৰ.জে.দিৰ সৈতে আসন বিতৰণক লৈ বহুকেইগৰাকী কংগ্ৰেছী নেতাই বিৰোধিতা কৰিছিল । আজি কেন্দ্ৰীয় নিৰ্বাচনী কমিটীয়ে ৪৯ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিব ।
কংগ্ৰেছে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৬খন কমিটী গঠন কৰিছে ।
বিহাৰৰ দলীয় কৰ্মীয়ে ছোনিয়া গান্ধীৰ নেতৃত্বত গঠন কৰা কমিটীৰ ৰনদীপ সুৰেজৱালা আৰু মোহন প্ৰকাশৰ নেতৃত্বক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তালিকাৰ পৰা বাদ দিয়া হৈছিল মদন মোহন ঝা, সদানন্দ সিং আৰু অখিলেশ প্ৰসাদ সিঙৰ দৰে নেতাক ।