নতুন দিল্লী, 31 মে’: দ্বিতীয় বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোডীক সমৰ্থনৰ বাবে বিহাৰৰ পৰা ৰাজধানী চহৰত আহি উপস্থিত হ’ল এগৰাকী চাহ বিক্ৰেতা ৷ নিজকে নৰেন্দ্ৰ মোডীৰ অনুৰাগী বুলি পৰিচয় দিয়া চাহ বিক্ৰেতাজনে সৰ্ব শৰীৰত মোডীৰ ছবিৰ লগতে অংকন কৰে ৰাষ্ট্ৰীয় পতাকাৰ তিনিও ৰং ৷
মোডীৰ শপতগ্ৰহণলৈ বিহাৰৰ পৰা আহিল চাহ বিক্ৰেতা
নিজকে মোডীৰ গভীৰ অনুৰাগী বুলি পৰিচয় দিয়া অশোক নামৰ চাহ বিক্ৰেতাজন বিহাৰৰ পৰা আহি উপস্থিত হ’ল ৰাজধানী চহৰত ৷
etv bharat
অশোক নামৰ মোডীৰ এই অনুৰাগী গৰাকীৰ বাসস্থান বিহাৰৰ মুজাফাৰপুৰত ৷ তেওঁ কয় যে, মই মুজাফাৰপুৰত চাহ বিক্ৰী কৰো ৷ প্ৰধানমন্ত্ৰী মোডীয়ে য’তেই জনসভা আয়োজন নকৰক কিয় তাতেই চাহ বেচিবলৈ যাওঁ ৷ আজিও দিল্লীত মোডীৰ শপতগ্ৰহণ অনুষ্ঠান আয়োজন কৰাৰ বাবে ইয়াত চাহ বেচিবলৈ আহিছো ৷ অনুষ্ঠানৰ সামৰণিৰ লগে লগে ইয়াৰ পৰা গুচি যাম বুলিও প্ৰকাশ কৰে মোডীৰ অনুৰাগী অশোকে ৷