অসম

assam

ETV Bharat / bharat

বীৰ জোৱান জয় কিশোৰ সিঙৰ শেষকৃত্য সম্পন্নঃ হাজাৰ হাজাৰ লোকৰ সমাগম - শেষ কৃত্ব অনুষ্ঠান

শ্বহীদ জয় কিশোৰ সিঙৰ নশ্বৰ দেহত এপাহি ফুলেৰে শ্ৰদ্ধাঞ্জলী জনাবলৈ প্ৰায় সমগ্ৰ অঞ্চলটোৰ বহু লোকে ভিৰ কৰে। জাতীয় পতাকা উৰুৱাই,ভাতৰ মাতা কি জয় ধ্বনীৰে মুখৰিত হৈ পৰে শেষকৃত্য অনুষ্ঠানস্থলী।

বীৰ জোৱান জয় কিশোৰ সিং
Bihar: Huge crowds gather in Vaishali to pay tribute to sepoy killed in Galwan Valley face-off

By

Published : Jun 19, 2020, 7:47 PM IST

নিউজ ডেস্ক, ১৯ জুনঃআজি বিহাৰৰ বৈশালীস্থিত নিজ গৃহত শেষকৃত্য সম্পন্ন কৰা হয় বীৰ সেনা জোৱান জয় কিশোৰ সিঙৰ। শেষকৃত্য অনুষ্ঠানত জোৱানজনক শ্ৰদ্ধাঞ্জলী জনাবলৈ লোকে লোকাৰণ্য হৈ পৰে তেখেতৰ বাসগৃহ। হাজাৰ হাজৰ লোকৰ সমাগমেৰে সম্পূৰ্ণ সামৰিক মৰ্যদাৰে মাতৃভূমি ৰক্ষাৰ অৰ্থে প্ৰাণ বিষৰ্জন দিয়া জয় কিশোৰ সিঙক শ্ৰদ্ধাঞ্জলী জনোৱা হয়। ১৫ জুনৰ নিশা লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষত চীনা সৈন্যৰ আক্ৰমণত শ্বহীদ হৈছিল জয় কিশোৰ সিং।

বীৰ জোৱান জয় কিশোৰ সিঙৰ শেষ কৃত্ব সম্পন্নঃ হাজাৰ হাজাৰ লোকৰ সমাগম

বীৰ জোৱানজনৰ নশ্বৰ দেহত এপাহি ফুলেৰে শ্ৰদ্ধাঞ্জলী জনাবলৈ প্ৰায় সমগ্ৰ অঞ্চলটোৰ লোকে ভিৰ কৰে। জাতীয় পতাকা উৰুৱাই,ভাতৰ মাতা কি জয় ধ্বনিৰে মুখৰিত হৈ পৰে শেষকৃত্য অনুষ্ঠানস্থলী।

উল্লেখ্য যে, উক্ত দিনটোত লাডাখত চীনা সৈন্যৰ আক্ৰমনত জয় কিশোৰ সিং,এজন কৰ্ণেল বিষয়াসহ মুঠ ২০ জন ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল।

লগতে চাওকঃ ১০০ বছৰ জীয়াই থাকিব পৰা ড্ৰেগনৰ পোৱালী ক'ত ?

ABOUT THE AUTHOR

...view details