নিউজ ডেস্ক, ২ মে': নিতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে খোজকাঢ়ি বিহাৰৰ পটনাত উপস্থিত হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে বাছ সেৱাৰ ব্যৱস্থা কৰে ।
প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে বিহাৰ চৰকাৰৰ বাছ সেৱা - পাটনা
মধ্য প্ৰদেশৰ মুৰেনাৰ পৰা ১০ দিন খোজকঢ়াৰ অন্তত পাটনাত উপস্থিত হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে বাছ সেৱাৰ ব্যৱস্থা কৰে বিহাৰ চৰকাৰে । এই বাছ সেৱাৰ দ্বাৰা শ্ৰমিকসকলক নিজ নিজ গৃহৰাজ্যলৈ পঠিওৱা হ'ব বুলি সদৰী কৰে চৰকাৰে ।
প্ৰৱাসী শ্ৰমিকৰ বাবে বিহাৰ চৰকাৰৰ বাছ সেৱা
মধ্য প্ৰদেশৰ মুৰেনাৰ পৰা ১০ দিনৰ অন্তত পাটনাত উপস্থিত হোৱাৰ পাচতে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক এটি কোৱাৰান্টাইন কেন্দ্ৰত ৰখা হৈছিল । তাৰ পাচতে বিহাৰ চৰকাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক গৃহ চহৰলৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰে ।
আনহাতে, প্ৰব্ৰজনকাৰী শ্ৰমিক দীনদয়ালে কয়, আমি মুৰেনাত শ্ৰমিক হিচাপে কাম কৰি আছিলো । আৰু তাত থকা সময়ত আমি বহুতো সমস্য়াৰ সন্মুখীন হৈছিলো । সেয়েহে গুচি আহিবলৈ বাধ্য হলো ৷