অসম

assam

ETV Bharat / bharat

বিহাৰত চলি আছে ভোটগণনা - বিহাৰ নিৰ্বাচনী ফলাফল

শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে ভোটগণনা
শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে ভোটগণনা

By

Published : Nov 10, 2020, 11:54 AM IST

Updated : Nov 11, 2020, 4:53 AM IST

04:49 November 11

বিহাৰ নিৰ্বাচনৰ চুড়ান্ত ফলাফল ঘোষণা

বিহাৰ বিধানসভা নিৰ্বাচনৰ মুঠ 243খন আসনৰ বাবে হোৱা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে ৷ বিহাৰৰ নিৰ্বাচনত পুনৰ এবাৰ NDA ই সংখ্যাগৰিষ্ঠ আসন লাভ কৰে ৷ আনহাতে RJD সবাতোকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছে ৷  

নীতিশ কুমাৰৰ নেতৃত্বত থকা NDA ই মুঠ 125 খন আসনত জয়লাভ কৰিছে ৷ NDA ত অন্তৰ্ভুক্ত বিজেপিয়ে 74খন আসন, JDU য়ে 43 খন, হিন্দুস্তান আৱাম মৰ্চা তথা বিকাশশীল ইন্সান পাৰ্টীয়ে 4-4 খন আসন লাভ কৰে ৷

ইফালে মহাজোঁটবন্ধনে তীব্ৰ যুঁজ দিও চৰকাৰ বনোৱাৰ দৌৰৰ পৰা বাহিৰ হবলগীয় হয় ৷ RJD নেতা তেজস্বীৰ নেতৃত্বত মহাজোঁটবন্ধনে মুঠ 110 খন আসনত জয় লাভ কৰিবলৈ সক্ষম হয় ৷ মহাজোঁটবন্ধনৰ RJD য়ে 75, কংগ্ৰেছ 19, চিপিআই(মালে) 12, চিপিএম আৰু চিপিআইয়ে দুখন-দুখন আসন লাভ কৰে ৷  

আনহাতে AIMIM য়ে পাঁচখন আসনত বিজয় সাব্যস্ত কৰে ৷ বছপা আৰু এলজেপিয়ে এখন এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে  ৷ 

01:42 November 11

229 খন আসনৰ ফলাফল ঘোষণা

নিৰ্বাচন আয়োগৰ বিভাগীয় তথ্য অনুসৰি, মুঠ 243 খন বিধানসভা আসনৰ ভিতৰত এতিয়ালৈকে 229 খন আসনৰ ফলাফল এতিয়ালৈকে ঘোষণা কৰা হৈছে ৷ এন. ডি. এ.ই এতিয়ালৈকে 116 খন আসনত জয়লাভ কৰিছে আৰু মহাজোঁটবন্ধনে 106 খন আসনত জয়লাভ কৰিছে ৷ এআইএমআইএমৰ দখলত 5 খন আসন, বছপা আৰু এলজেপিয়ে এখন এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসনত জয়লাভ কৰিছে ৷ 

01:32 November 11

এতিয়াও আহিবলৈ বাকী 20 খন আসনৰ ফলাফল

বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা সন্দৰ্ভত নিৰ্বাচন আয়োগে মাজনিশা সংবাদমেল আয়োজন কৰি কয় যে, 223 খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে, 20 খন আসনৰ ফলাফল আহিবলৈ এতিয়াও বাকী আছে ৷

উপ-নিৰ্বাচন আয়ুক্ত চন্দ্ৰভূষণ কুমাৰে কয় যে, পাঁচখন বুথৰ বিবিপেটৰ ভোট গণনা চলি আছে ৷ আমি আশা কৰিছো যে এয়া অতি সোনকালে সম্পন্ন হ‘ব ৷ 

23:37 November 10

মুঠ 243 খন আসনৰ ভিতৰত 165 খন আসনৰ ফলাফল ঘোষণা

নিৰ্বাচন আয়োগৰ বিভাগীয় সংখ্যা মতে, মুঠ 243 খন আসনৰ 165 খন আসনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে ৷ য‘ত এন ডি এ 83 খন আসনত জয় লাভ কৰে তথা 39 খন আসনত আগবাঢ়ি আছে এন ডি এ ৷ আনহাতে মহাজোঁটবন্ধনে 76 খন আসনত জয়লাভ কৰাৰ লগতে 37 খন আসনত আগবাঢ়ি আছে ৷ এআইএমআইএম দলে চাৰিখন আসনত জয়লাভ কৰাৰ লগতে এখন আসনত আগবাঢ়ি আছে ৷ তদুপৰি বছপা আৰু এল জে পিয়ে এখন-এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসনত জয়লাভ কৰে ৷ 

21:59 November 10

মধুবনীৰ পৰা আৰ জে ডিৰ প্ৰাৰ্থী সমীৰ কুমাৰ ছেট বিজয়ী

এন ডি এৰ 125

মহাগঠবন্ধনৰ 110

অন্যান্যৰ 8 খন আসন

Live Update:  

মধুবনীৰ পৰা আৰ জে ডিৰ প্ৰাৰ্থী সমীৰ কুমাৰ ছেট বিজয়ী

18:53 November 10

বিহাৰৰ নিৰ্বাচন সন্দৰ্ভত নীতিশ কুমাৰলৈ ফোন অমিত শ্বাহৰ

শেহতীয়া নিৰ্বাচনী ফলাফল

এনডিএৰ অগ্ৰগতিৰ পিচতেই মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপত মিলিত শ্বাহ ৷আনহাতে দিনাৰা সমষ্টিত পৰাজিত হয় নীতিশৰ মন্ত্ৰীসভাৰ অন্যতম সদস্য জয় কুমাৰ সিংহ ৷ 

বিহাৰত চলি থকা বিধানসভা নিৰ্বাচনৰ ভোটগণনাত অগ্ৰগতি লাভ কৰিছে এনডিএ চৰকাৰে৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ এই ফলাফলে পুনৰবাৰে প্ৰতিপন্ন কৰিছে যে, যেতিয়ালৈকে মোডী আছে তেতিয়ালৈকে সকলো সম্ভৱ ৷

17:46 November 10

21 খন আসনে নিশ্চিত কৰিব বিহাৰৰ চৰকাৰ

  • অলোলী- ৰামবৃক্ষ যাদৱ (আৰজেডি, 774 ভোটত অগ্ৰগতি)
  • অলীনগৰ- বিনোদ মিশ্ৰা (আৰজেডি, 42 ভোটত অগ্ৰগতি)
  • অতৰী- মনোৰমা দেৱী (জেডিইউ, 288 ভোটত অগ্ৰগতি)
  • বাজপট্টী- ডাঃ ৰঞ্জু গীতা (জেডিইউ, 790 ভোটত অগ্ৰগতি)
  • বৰহাৰা- সৰোজ যাদৱ (আৰজেডি, 196 ভোটত অগ্ৰগতি)
  • বক্সৰ- পৰশুৰাম চৌবে (বিজেপি, 704 ভোটত অগ্ৰগতি)
  • দৰৌধা- অমৰনাথ যাদৱ (চিপিআইএমএল, 695 ভোটত অগ্ৰগতি)
  • কদৱা- শ্বকীল আহমেদ খান (কংগ্ৰেছ, 791 ভোটত অগ্ৰগতি)
  • কৰগহৰ- সন্তোষ কুমাৰ মিশ্ৰা (কংগ্ৰেছ, 373 ভোটত অগ্ৰগতি)
  • কছবা- প্ৰদীপ কুমাৰ দাস (এলজেপি, 627 ভোটত অগ্ৰগতি)
  • কটোৰিয়া- স্বীটি সীমা (আৰজেডি, 608 ভোটত অগ্ৰগতি)
  • কিশানগঞ্জ- ইজহৰুল হুছেইন (কংগ্ৰেছ, 725 ভোটত অগ্ৰগতি)
  • মধেপুৰা- নিখিল মণ্ডল (জেডিইউ, 974 ভোটত অগ্ৰগতি)
  • মধুবন- ৰাণা ৰণ্ধীৰ (বিজেপি, 414 ভোটত অগ্ৰগতি)
  • মনহাৰ- উমেশ সিংহ কুশৱাহা (জেডিইউ, 751 ভোটত অগ্ৰগতি)
  • মোহিউদ্দিন নগৰ- ৰাজেশ কুমাৰ সিংহ (বিজেপি, 996 ভোটত অগ্ৰগতি)
  • ৰজৌলী- প্ৰকাশ বীৰ (আৰজেডি, 125 ভোটত অগ্ৰগতি)
  • চৰাইৰঞ্জন- বিজয় কুমাৰ চৌধাৰী (জেডিইউ, 545 ভোটত অগ্ৰগতি)
  • শেখপুৰা- বিজয় কুমাৰ (আৰজেডি, 897 ভোটত অগ্ৰগতি)
  • সিকন্দৰা- সুধীৰ কুমাৰ (কংগ্ৰেছ, 674 ভোটত অগ্ৰগতি)

17:32 November 10

জয়লাভ নিশ্চিত, আনুষ্ঠানিক ঘোষণা বাকী

মোহনিয়াৰ পৰা সংগীতা দেৱী, বলৰামপুৰৰ পৰা মহবুব আলম, আলমনগৰত নাৰায়ন যাদৱ, বৰুৰাজত অৰুণ কুমাৰ সিংহ, মীনাপুৰত ৰাজীৱ কুমাৰ, মুজাফৰপুৰত বীজেন্দ্ৰ চৌধাৰী, পাৰোত অশোক কুমাৰ সিংহ, সাহেবগঞ্জত ৰাজু কুমাৰ সিংহ, সকৰাত অশোক কুমাৰ চৌধাৰী, বগহাত ৰাম সিংহ, বেটিয়াত ৰানী দেৱী, চনপটিয়াত উমাকান্ত সিংহ, লোৰিয়াত বিনয় বিহাৰী, নৰকটিয়াগঞ্জত ৰশ্মি বৰ্মা, নৌতনত নাৰায়ন প্ৰসাদ, ৰামনগৰত ভাগীৰথী দেৱী, বাল্মিকী নগৰত ধীৰেন্দ্ৰ প্ৰতাপ সিংহ, বখতিয়াৰপুৰত অনিৰুদ্ধ কুমাৰ, বিক্ৰমত সিদ্ধাৰ্থ সিংহ, দানাপুৰত ৰিতলাল যাদৱ, দীঘাত সঞ্জীৱ চৌৰাচিয়াৰ জয়লাভ ৷

16:31 November 10

বহুকেইগৰাকী প্ৰাৰ্থীৰ জয়লাভ নিশ্চিত, চৰকাৰী ঘোষণা বাকী

কেবটী বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ মুৰলী মনোহৰ ঝাৰ জয়লাভ ৷ মোকামা বিধানসভা সমষ্টিত আৰজেডিৰ অনন্ত সিংহৰ জয়লাভ ৷ গয়া ডাউন বিধানসভা সমষ্টিত বিজেপি নেতা প্ৰেম কুমাৰৰ জয়লাভ ৷ ঔৰংগবাদ সমষ্টিত কংগ্ৰেছৰ আনন্দ শংকৰ সিংহৰ জয়লাভ ৷ নবীননগৰত আৰজেডিৰ বিজয় কুমাৰ সিংহৰ জয়লাভ ৷ গোহত আৰজেডিৰ ভীম সিংহৰ জয়লাভ ৷ সাহেবপুৰ কমাল সমষ্টিত আৰজেডিৰ সতানন্দ সম্বুধাৰ জয়লাভ ৷ দৰভংগা গ্ৰাম্যত আৰজেডিৰ ললিত কুমাৰৰ জয়লাভ ৷

16:05 November 10

বিহাৰ নিৰ্বাচনৰ এই মূহুৰ্তৰ বিশেষ খবৰ

ভোটগণনাত এনডিএ 129 আসনত আগবাঢ়ি আছে ৷ বিজেপিয়ে 73খন আসনত, জেডিইউ 49খনত, ভিআইপি 5খনত, এইচএএম 2খনত ৷ মহাজোঁটবন্ধন 103 খন আসনত আগবাঢ়ি আছে ৷ আৰজেডি 64 খন আসনত, কংগ্ৰেছ 20 খনত, বামপন্থী 18খনত, বিএছপি 2খনত, এআইএমআইএম 8খনত, এলজেপি 1খনত আৰু 4খনত নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে ৷

16:00 November 10

বিহাৰ নিৰ্বাচনৰ এই মূহুৰ্তৰ বিশেষ খবৰ

ৰুপোলীৰ পৰা জেডিইউৰ বীমা ভাৰতীৰ জয় নিশ্চিত ৷ কংগ্ৰেছৰ মিথিলেশ চৌধাৰীক পৰাস্ত্ৰ কৰি বেনীপুৰত জেডিইউৰ বিনয় কুমাৰ চৌধাৰীৰ প্ৰায় 8 হাজাৰ ভোটত জয়লাভ, চৰকাৰী ঘোষণা বাকী ৷ কেমুৰ জিলাৰ মোহনিয়াত আৰজেডিৰ সংগীতা কুমাৰৰ 8500 ভোটত জয়লাভ, চৰকাৰী ঘোষণা বাকী ৷ দৰভাংগা জিলাৰ জালে বিধানসভা সমষ্টিত মশকুৰ আহমেদক পৰাস্ত্ৰ কৰি বিজেপিৰ জীৱেশ কুমাৰৰ জয়লাভ, চৰকাৰী ঘোষণা বাকী ৷

পপুলাৰ পাৰ্টীৰ পুষ্মপ প্ৰিয়াই টুইট কৰি ইভিএম হেক হোৱা বুলি জনাইছে ৷ পপুলাৰ পাৰ্টীৰ সকলো ভোট বিজেপিলৈ যোৱা বুলি টুইট কৰিছে নেত্ৰীগৰাকীয়ে ৷

15:09 November 10

মুজাফৰপুৰৰ 11 বিধানসভা সমষ্টিৰ ভোটগণনা

মুজাফৰনগৰত কংগ্ৰেছ প্ৰাৰ্থী বিজেন্দ্ৰ চৌধাৰী বিজেপিৰ সুৰেশ শৰ্মাতকৈ 2500 ভোটত আগবাঢ়ি আছে ৷ কুঢ়নীৰ পৰা আৰজেডি প্ৰাৰ্থী অনিল সাহানী বিজেপি প্ৰাৰ্থী কেদাৰ গুপ্তাতকৈ 4064 ভোটত আগবাঢ়ি আছে ৷ ঔৰাইত বিজেপি প্ৰাৰ্থী ৰামসুৰত ৰায় চিপিএমৰ আফটাব আলমতকৈ 12,106 ভোটত আগবাঢ়ি আছে ৷ পাৰুত বিজেপি প্ৰাৰ্থী অশোক শিং নিৰ্দলীয় প্ৰাৰ্থী শংকৰ ৰায়তকৈ 4398 ভোটত আগবাঢ়ি আছে ৷ বৰুৰাজত বিজেপি প্ৰাৰ্থী অৰুণ সিং আৰজেডিৰ নন্দ কুমাৰ ৰায়তকৈ 26,826 ভোটত আগবাঢ়ি আছে ৷ মীনাপুৰত আৰজেডি প্ৰাৰ্থী ৰাজীৱ কুমাৰ ওৰফে মুন্না যাদৱে জেডিইউ প্ৰাৰ্থী মনোজ কুমাৰতকৈ 4583 ভোটত আগবাঢ়ি আছে ৷ বোচন্হাত বিআইপি প্ৰাৰ্থী মুছাফিৰ পাছৱান আৰজেডি প্ৰাৰ্থী ৰমই ৰামতকৈ 7773 ভোটত আগবাঢ়ি আছে ৷ সকৰাত জেডিইউ প্ৰাৰ্থী অশোক চৌধাৰী কংগ্ৰেছৰ উমেশ ৰায়তকৈ 3477 ভোটত আগবাঢ়ি আছে ৷ গায়ঘাটত জেডিইউ প্ৰাৰ্থী মহেশ্বৰ যাদৱ আৰজেডিৰ নিৰঞ্জন ৰায়তকৈ 3643 ভোটত আগবাঢ়ি আছে ৷ সাহেবগঞ্জত বিআইপি প্ৰাৰ্থী ৰাজু সিংহ আৰজেডিৰ ৰাম বিচাৰ ৰায়তকৈ 5985 ভোটত আগবাঢ়ি আছে ৷ কান্তিত নিৰ্দলীয় প্ৰাৰ্থী অজিত কুমাৰে আৰজেডিৰ ইছৰাইল মঞ্চুৰীতকৈ 3612 ভোটত আগবাঢ়ি আছে ৷

14:17 November 10

বিহাৰত প্ৰথমটো জয় বিজেপিৰ

বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাত প্ৰথমটো জয় লাভ বিজেপিৰ ৷ দৰভংগাৰ কেবটী বিধানসভা সমষ্টিত জয়লাভ বিজেপি প্ৰাৰ্থী মুৰাৰী মোহন ঝাৰ ৷ বৰ্তমানলৈ বিহাৰত 1 কোটিৰো অধিক ভোটগণনা সম্পূৰ্ণ হৈছে ৷ প্ৰদেশখনত মুঠ 4.10 কোটি লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷ এই কথা প্ৰকাশ কৰিছে বিহাৰৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আৰ শ্ৰীনিৱাসে ৷

13:19 November 10

নিৰ্বাচনী আয়োগৰ গুৰুত্বপূৰ্ণ ঘোষণা

প্ৰাৰ্থী তালিকা

বিহাৰত দিনৰ 1 বজাৰ ভিতৰত প্ৰায় 20 শতাংশ ভোটগণনা সম্পূৰ্ণ হৈছে ৷ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা অনুসৰি, সন্ধিয়াৰ ভাগলৈ ভোটগণনা সম্পূৰ্ণ হ'ব ৷ বহুকেইখন আসনত 50 ৰাউণ্ডলৈ ভোটগণনা হোৱাৰ সম্ভাৱনা ৷

13:04 November 10

বিজেপি কাৰ্য্যালয়ত চিআৰপিএফ মোতায়েন

বিজেপি কাৰ্য্যালয়ত চিআৰপিএফ মোতায়েন

বিহাৰ বিধানসভাৰ ভোটগণনা চলি থকাৰ মাজতে ৰাজ্যিক বিজেপি কাৰ্যালয়ত মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ দল ৷ দলীয় কাৰ্যালয়ৰ বাহিৰত অতিৰিক্তভাৱে মোতায়েন কৰা হৈছে চিআৰপিএফৰ এটা বৃহৎ বাহিনী ৷ অভেদ্য কৰি গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী ৷

12:42 November 10

সকলোকে পিচ পেলাই আগবাঢ়িছে এনডিএ

নিৰ্বাচনক লৈ প্ৰেম কুমাৰৰ মন্তব্য

নিৰ্বাচনী আয়োগৰ মতে, 243খন আসনৰ ভোটগণনাৰ অন্তত এনডিএ 127 খন আসনত আগবাঢ়ি আছে ৷ ইয়াৰে বিজেপিয়ে 73 খনত, জেডিইউ 47 খনত, বিকাশশীল ইনচান পাৰ্টীয়ে 7 খনত আগবাঢ়ি আছে ৷ মহাজোঁটবন্ধন 100 খন আসনত আগবাঢ়ি আছে ৷ ইয়াৰে আৰজেডিয়ে 61খনত কংগ্ৰেছে 20খনত আৰু বামপন্থীয়ে 19খনত আগবাঢ়ি আছে ৷ বিএছপিয়ে 1খনত এআইএমআইএম 3খনত, এলজেপিয়ে 5খনত আৰু 7 খনত নিৰ্দলীয় প্ৰাৰ্থীয়ে আগবাঢ়ি আছে ৷

12:34 November 10

বিহাৰত প্ৰথমবাৰৰ বাবে বামপন্থীৰ পুনৰুত্থান

নিৰ্বাচনক লৈ বিজেপি নেতা শ্বাহনাৱাজ হুছেইনৰ সংবাদমেল

19খন আসনত বামপন্থী প্ৰাৰ্থী আগবাঢ়ি আছে ৷ আনহাতে প্ৰথমবাৰৰ বাবে বিহাৰত বিজেপিয়ে অকলেই নিৰ্বাচনত আগবাঢ়িবলৈ সক্ষম হৈছে ৷ জেডিইউ, আৰজেডি, কংগ্ৰেছ সকলোকে পিচ পেলাই বিজেপিয়ে অকলেই 69 খন আসনত আগবাঢ়ি আছে ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগণনাৰ অন্তত মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে ৰাঘপুৰ সমষ্টিৰ পৰা বৃহৎ হাৰে আগবাঢ়ি আছে ৷

12:23 November 10

এনডিএ 122ৰো অধিক আসনত আগবাঢ়ি আছে

ভোটগণনা কেন্দ্ৰৰ পৰা ইটিভি ভাৰতৰ সাংবাদিকৰ পোনপটীয়া সম্প্ৰচাৰ

122খনৰো অধিক আসনত আগবাঢ়ি আছে এনডিএ ৷ 240 খন আসনৰ ভোটগণনাৰ অন্তত মহাজোঁটবন্ধন পিছ পৰিছে ৷ 

12:05 November 10

কোভিডৰ বাবে আমি পিছপৰিছো : কে চি ত্যাগী

এবছৰ আগত আৰজেডিয়ে লোকসভা নিৰ্বাচনত এখনো আসন জিকিবলৈ সক্ষম হোৱা নাছিল ৷ লোকসভাৰ নিৰ্বাচনৰ পৰিনাম অনুসৰি, জেডিইউ আৰু ইয়াৰ সহযোগী দলসমূহে 200ৰো অধিক আসনত জয়লাভ কৰিবলগীয়া আছিল ৷ বিগত এবছৰত নীতিশ কুমাৰ অথবা আৰজেডিৰ একো লোকচান হোৱা নাই ৷ আমি লোকচানৰ দিশে আগবাঢ়িছো, এয়া কেৱল কোভিড 19ৰ প্ৰভাৱৰ ফলতহে হৈছে : কেচি ত্যাগী (জেডিইউ) ৷

12:00 November 10

শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে ভোটগণনা

বিহাৰ বিধানসভা নিৰ্বাচন 2020ৰ ভোটগণনা দিনৰ 8 বজাৰ পৰাই আৰম্ভ হৈছে ৷ বিহাৰৰ 38 খন জিলাৰ মুঠ 55 টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে মুঠ 414 টা হলত ভোটগণনা চলি আছে ৷ ইটিভি ভাৰতে প্ৰতিমূহুৰ্তত আপোনাক দি যাব নিৰ্বাচনী বাতৰি ৷

11:40 November 10

বিহাৰত শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে ভোটগণণা ৷ পাটনাকে ধৰি বিভিন্ন স্থানত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণণা ইতিমধ্যে আৰম্ভ হৈছে ৷ ৰাজ্যখনৰ 38 খন জিলাত অভেদ্য নিৰাপত্তা বেষ্টনীৰ মাজত 55টা ভোটগণণা কেন্দ্ৰত চলি আছে ভোটগণণা ৷

Last Updated : Nov 11, 2020, 4:53 AM IST

ABOUT THE AUTHOR

...view details