অসম

assam

বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া

By

Published : Nov 10, 2020, 3:54 PM IST

বিহাৰত চলি আছে ভোটগণনা ৷ ইতিমধ্যে প্ৰথমখন আসনৰ ফলাফল আহি পৰিছে ৷ সেই অনুসৰি, কেবটী বিধানসভা সমষ্টিত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী মুৰাৰী মোহন ঝাই ৷ বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন নেতাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ চাওঁক এই প্ৰতিবেদন ৷

বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া
বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, 10 নৱেম্বৰ : বিহাৰত চলি আছে ভোটগণনা ৷ ভোটগণনা কেন্দ্ৰৰ আশেপাশে জাৰি কৰা হৈছে 144 ধাৰা ৷ নিৰ্বাচন আয়োগে সকলো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা 1400 পৰা হ্ৰাস কৰি 1000 লৈ কম কৰিছিল ৷ ইয়াৰ ফলত বুথৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই ফলাফল লাভ কৰাত কিছু বিলম্ব হ'ব পাৰে ৷

ৰাজ্যখনৰ 243 খন আসনৰ বাবে তিনিটা পৰ্যায়ত ভোটদান সম্পন্ন হয় ৷ প্ৰায় 3,755 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ধাৰণ হ'ব আৰু কোনে চৰকাৰ গঠন কৰে সেয়াও স্পষ্ট হৈ পৰিব ৷ ৰাজ্যখনৰ 38 খন জিলাত 55টা ভোটগণনা কেন্দ্ৰত ভোটগণনা চলি আছে ৷ সমান্তৰালকৈ নিৰাপত্তাৰ দিশটোত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ৷ বিহাৰ আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ 19টাকৈ অতিৰিক্ত বেটালিয়ন মোতায়েন কৰা হৈছে বিহাৰত ৷ নিৰ্বাচনী ফলাফলক লৈ বিভিন্ন নেতাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

"মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে, জনতাই নিজৰ ভোট দি এনডিএৰ চৰকাৰকে নিৰ্বাচিত কৰিব ৷ এনডিএৰ ভোটাৰসকলে হাল্লা নকৰে ৷ মহাজোঁটবন্ধনৰ লোকসকলে বহুকেইটা স্থানত ভোটাৰৰ সৈতে মাৰ-পিট কৰাৰ লগতে তেওঁলোকক ধমকিও প্ৰদান কৰিছে ৷ জনতাই শান্তভাৱে পদুম ফুলত, কাড় চিনত, নাওঁত আৰু কুঠাৰত ভোট প্ৰদান কৰিছে ৷" মনোজ তিৱাৰী, বিজেপি নেতা ৷

মনোজ তিৱাৰী, বিজেপি নেতা

"বিহাৰৰ 12 কোটি জনতাৰ ভৱিষ্যৰ সিদ্ধান্ত আজি নিৰ্ধাৰিত হ'ব ৷ গণতন্ত্ৰত জনতাই মালিক ৷ মোৰ বিশ্বাস আছে, জনতাই নীতিশ কুমাৰৰ বিকাশৰ নীতিক সমৰ্থন কৰিছে ৷ আজি পুনৰবাৰ এনডিএৰ চৰকাৰ হ'বলৈ গৈ আছে ৷" সঞ্জয় সিংহ, জেডিইউ নেতা ৷

সঞ্জয় সিংহ, জেডিইউ নেতা

"তেজস্বী ভৱঃ বিহাৰ !" তেজ প্ৰতাপ যাদৱ, আৰজেডি নেতা

"আৰজেডি আৰু কংগ্ৰেছৰ লোকসকল সুখত আছে, কিন্তু পুৰ্বানুমানত এনডিএৰ বিজয় নিশ্চিত হৈ আছে ৷ বিহাৰৰ জনতাই নীতিশ কুমাৰৰ নেতৃত্বত পুনৰবাৰ এনডিএ চৰকাৰ বনাব ৷ পিছৰ পুৰ্বানুমানক লৈ মহাজোঁটবন্ধনৰ নেতাসকল উৎসাহিত হৈ থাকিলেও বিহাৰত এনডিএৰ জয় নিশ্চিত ৷" শ্বাহনৱাজ হুছেইন, বিজেপি নেতা ৷

শ্বাহনৱাজ হুছেইন, বিজেপি নেতা

"এতিয়াই আমি ফলাফলৰ বিষয়ে নকওঁ, কিন্তু ভোটগণনাৰ অন্তত ছবিখন স্পষ্ট হৈ পৰিব ৷" নৱল কিশোৰ যাদৱ, বিজেপি নেতা ৷

নৱল কিশোৰ যাদৱ, বিজেপি নেতা

"বিহাৰৰ জনতাৰ আদেশ আছে, সংস্থাপন, শিক্ষা, স্বাস্থ্য আৰু কৃষিত পৰিৱৰ্তনৰ প্ৰয়োজন আছে ৷ কিছু দেৰি পিচতে এই ছবি স্পষ্ট হৈ পৰিব ৷" মনোজ ঝা, আৰজেডি নেতা ৷

মনোজ ঝা, আৰজেডি নেতা

"তেজস্বী যাদৱ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত ৷ বিহাৰৰ জনতাই এইবাৰ মহাজোঁটবন্ধনকে ভোটদান কৰিছে ৷ মহাজোঁটবন্ধনৰ জয় নিশ্চিত ৷ ভোটগণনা সম্পূৰ্ণ হ'লেই ছবিখন স্পষ্ট হৈ পৰিব ৷" অখিলেশ সিংহ, কংগ্ৰেছ নেতা ৷

অখিলেশ সিংহ, কংগ্ৰেছ নেতা

"পৃথিৱীখন আশাত চলি আছে ৷ আমাৰ নেতা তেজস্বী যাদৱে জনতাৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছে ৷ জনতাৰ পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছে ৷ আৰু তাৰ বাবে আমাৰ বিশ্বাস আছে যে, আমাৰ পক্ষতেই ফলাফল আহিব ৷" মৃত্যুঞ্জয় তিৱাৰী, আৰজেডি নেতা ৷

মৃত্যুঞ্জয় তিৱাৰী, আৰজেডি নেতা

"প্ৰতিটো বুথৰ পৰা লাভ কৰা ফিডবেকৰ ভিত্তিত এনডিএ নিৰকুংশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিব ৷ আমাৰ ভোটাৰে বেছি কথা নকয়, কথা নোকোৱাকৈ নিজৰ ভোটেৰে ইয়াৰ উত্তৰ প্ৰদান কৰিছে ৷ এতিয়ালৈকে হোৱা ভোটগণনাৰ পৰা বিহাৰত এইবাৰ এনডিএ চৰকাৰ হোৱাটো নিশ্চিত হৈ পৰিছে ৷" জফৰ ইছলাম, বিজেপি নেতা ৷

জফৰ ইছলাম, বিজেপি নেতা

"নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনী সভাৰ সময়তে জনতাই আমাৰ নেতা তেজস্বীক জনাদেশ প্ৰদানৰ ইংগিত দিছে ৷ বিহাৰৰ জনতাৰ এইখন চৰকাৰৰ পৰা মোহভংগ হৈছে ৷ জনতাই পৰিৱৰ্তন বিচাৰিছে আৰু তেজস্বী যাদৱৰ দৰে যুৱ নেতাই বিহাৰক আগবাঢ়ি যোৱাত সহায় কৰিব ৷" নিৰালা যাদৱ, আৰজেডি নেতা ৷

নিৰালা যাদৱ, আৰজেডি নেতা

"ভোটগণনা চলি আছে আৰু 5 বজাৰ ভিতৰত আমি সংবাদমাধ্যমৰ আগত সকলো কথা প্ৰকাশ কৰিম ৷" সঞ্জয় জয়চোৱাল, বিহাৰ বিজেপি অধ্যক্ষ ৷

সঞ্জয় জয়চোৱাল, বিহাৰ বিজেপি অধ্যক্ষ

"এতিয়াৰ ভোটগণনালৈ চাই এনডিএ আগবাঢ়ি থকাটো নিশ্চিত হৈছে ৷ আমাৰ দলেই চৰকাৰ গঠন কৰিবলৈ গৈ আছে ৷ শীঘ্ৰেই এই ছবি স্পষ্ট হৈ পৰিব ৷ মুখ্যমন্ত্ৰী পদৰ বাবে দলে শেষত সিদ্ধান্ত ল'ব ৷" প্ৰেম কুমাৰ নেতা, বিজেপি ৷

প্ৰেম কুমাৰ নেতা, বিজেপি

"এবছৰ আগত আৰজেডিয়ে লোকসভা নিৰ্বাচনত এখনো আসন জিকিবলৈ সক্ষম হোৱা নাছিল ৷ লোকসভাৰ নিৰ্বাচনৰ পৰিনাম অনুসৰি, জেডিইউ আৰু ইয়াৰ সহযোগী দলসমূহে 200ৰো অধিক আসনত জয়লাভ কৰিবলগীয়া আছিল ৷ বিগত এবছৰত নীতিশ কুমাৰ অথবা আৰজেডিৰ একো লোকচান হোৱা নাই ৷ আমি লোকচানৰ দিশে আগবাঢ়িছো, এয়া কেৱল কোভিড 19ৰ প্ৰভাৱৰ ফলতহে হৈছে ৷" কে চি ত্যাগী, নেতা, জেডিইউ ৷

লগতে পঢ়ক :বিহাৰত আৰম্ভ হৈছে ভোটগণণা

ABOUT THE AUTHOR

...view details