নিউজ ডেস্ক, ৪ এপ্ৰিলঃ অভাৱেই আৱিষ্কাৰৰ মূল । এই কথা সঁচা প্ৰতিপন্ন কৰি তুলিছে বিহাৰৰ এগৰাকী চিকিৎসকে । যি সময়ত দেশত কৰ'ণা ভাইৰাছৰ প্ৰটেকচন কীট্ চিকিৎসক, নাৰ্ছ, তথা চিকিৎসা কৰ্মীক যোগান ধৰিবলৈ চৰকাৰে সংগ্ৰাম কৰিবলগীয়া হৈছে সেই সময়তে বিহাৰৰ ভাগলপুৰ জৱাহৰলাল নেহৰু মেডিকেল কলেজৰ স্ত্ৰী-ৰোগ বিভাগৰ চিকিৎসক গীতা ৰানীয়ে গাড়ী ঢকা কভাৰেৰে সাজি উলিয়াইছে প্ৰটেকচন কীট ।
গাড়ী কভাৰেৰে তৈয়াৰ কৰিলে কৰ'ণা প্ৰটেকচন কীট্ ! - গাড়ী কভাৰেৰে প্ৰস্তু কৰিলে কৰ'ণা কীট্ !
যি সময়ত কৰ'ণা ভাইৰাছ তথা কৰ'ণা কীট্ ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে সেই সময়তে বিহাৰত এগৰাকী চিকিৎসকে গাড়ী কভাৰেৰে প্ৰস্তুত কৰি উলিয়ালে কৰ'ণা কীট্ ।
![গাড়ী কভাৰেৰে তৈয়াৰ কৰিলে কৰ'ণা প্ৰটেকচন কীট্ ! Bihar doctor makes corona kit using car's cover](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6651451-190-6651451-1585934632853.jpg)
Bihar doctor makes corona kit using car's cover
চিকিৎসকগৰাকীয়ে এই সন্দৰ্ভত কয়, YouTube ত এটা ভিডিঅ' দৰ্জীক দেখুৱাৰ পাচতেই এই কীটটো তৈয়াৰ কৰা উলিওৱা হৈছে । কৰ'ণা ভাইৰাছ প্ৰতিহত কৰাৰ বাবে এইটো সম্পূৰ্ণ উপযোগী । আনকি ধুই পুনৰ ব্যৱহাৰো কৰিব পৰা যায় । ৰোগীক চোৱা আমাৰ সামাজিক দায়িত্ব আছে । ৰানীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰীকো এই স্ব-নিৰ্মিত কীট্ টোৰ বিষয়ে অৱগত কৰে । স্বাস্থ্য় মন্ত্ৰীয়ে এই কাৰ্যৰ শলাগ লয় ।
গাড়ী কভাৰেৰে প্ৰস্তুত কৰ'ণা কীট্
লগতে চাওক- এপ্ৰিলৰ শেষলৈ ভাৰতত অত্যধিক বৃদ্ধি পাব পাৰে কোভিড-19 আক্ৰান্তৰ সংখ্যা
Last Updated : Apr 4, 2020, 10:56 AM IST