নিউজ ডেস্ক, ২০ এপ্ৰিলঃ দেশত এতিয়া কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে চলি আছে দ্বিতীয়টো লক ডাউন । লক ডাউনৰ মাজতেই ৪ বছৰীয়া শিশুৰ জন্মদিনত দেউতাকে কৰিব নোৱাৰা কাম কৰিলে বিহাৰ আৰক্ষীৰ এটা দলে ।
দৰাচলতে পিতৃ অংকুৰ কুমাৰ গুপ্তা নামৰ লোকজনে ৪ বছৰীয়া পুত্ৰৰ জন্মদিন উপলক্ষে দেওবাৰে কেক অনাৰ উদ্দেশ্য়লৈ লক ডাউনৰ মাজতেই ওলাই গৈছিল ঘৰৰ পৰা। কিন্তু আধা বাটতেই আৰক্ষীয়ে আগভেটি ধৰি ঘৰলৈ যাবলৈ কয় গুপ্তাক ।
আৰক্ষীক কেক ল'বলৈ ওলাই অহা কথা উল্লেখ কৰে যদিও আৰক্ষীয়ে তেওঁৰ ঘৰৰ ঠিকনা বিচাৰি,ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিয়ে বুলি জানিবলৈ গুপ্তাই । তেওঁলোকে আশাও কৰা নাছিল যে আৰক্ষীয়ে নিজেই কেক আনি মোৰ সন্তানৰ জন্মদিন পালন কৰিব। সঁচাকৈ এই কাৰ্য অনুপ্ৰেৰণাদায়ক। নাগৰিকৰ প্ৰতি এনেদৰে শুশ্ৰষা কৰাৰ বাবে মোৰ ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক লৈ মই গৰ্বিত বুলি কয় পিতৃ অংকুৰ গুপ্তাই ।