অসম

assam

By

Published : Jul 15, 2020, 10:39 PM IST

ETV Bharat / bharat

প্ৰলয়ঙ্কৰী বানৰ কবলত বিহাৰৰ বহুকেইখন জিলা

ধাৰাসাৰ বৰষুণৰ ফলত বিহাৰৰ বহুকেইখন নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈ আছে । চেৱহাৰ জিলাৰ বেলাচান্দত বাগমতি নদীৰ জলস্তৰ সৰ্বোচ্চ বিপদসীমা অতিক্ৰম কৰাৰ ফলত দ্বাৰভাঙ্গাৰ এক বৃহৎ অঞ্চল বানত হৈছে ক্ষতিগ্ৰস্ত । ইফালে খাগৰিয়া জিলাৰ কুচি নদীয়ে যিকোনো মূহুৰ্তত জলস্তৰ বিপদসীমাৰ ওপৰেৰে বোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে ।

Bihar continues to battle floods as water levels in rivers rise
প্ৰলয়ঙ্কৰী বানত বিহাৰৰ বহুকেইখন জিলাৰ ক্ষতিসাধন; বাঢ়ি আছে বহু নদীৰ জলস্তৰ

নিউজ ডেস্ক, ১৫জুলাই: প্ৰৱল বৃষ্টিপাতৰ পাছতো উত্তৰ বিহাৰৰ সৰু বৰ নদীসমূহৰ জলপৃষ্ঠ ভয়াবহ ৰূপত উফন্দি উঠিছে । ফলত ৰাজ্যখনৰ বিভিন্ন জিলাসমূহত বানৰ ভয়াৱহতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । মুজাফৰপুৰ, মতিহাৰি, দাৰুমভাগা আৰু সীতামহিকে ধৰি ৰাজ্যখনৰ নিম্ন অঞ্চল সম্পূৰ্ণৰূপে বানৰ গ্ৰাসত পৰিছে । তাৰোপৰি উত্তৰ বিহাৰৰ বহকেইখন নদীৰ জলস্তৰো যোৱা কেইটা দিনত বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

প্ৰলয়ঙ্কৰী বানত বিহাৰৰ বহুকেইখন জিলাৰ ক্ষতিসাধন; বাঢ়ি আছে বহু নদীৰ জলস্তৰ

বেলচান্দত বাগমতী নদীৰ জলস্তৰ উচ্চতম বিপদসীমা পাৰ হোৱাৰ ফলত দাৰভাঙ্গাৰ এক বৃহৎ এলেকাত এতিয়া বানৰ ভয়াৱহ তাণ্ডৱ । যি কোনো সময়ত খাগৰিয়া জিলাৰ কোচি নদীয়ে জিলাখন জলমগ্ন কৰি তোলাৰ সম্ভাৱনা আছে ।

প্ৰলয়ঙ্কৰী বানত বিহাৰৰ বহুকেইখন জিলাৰ ক্ষতিসাধন; বাঢ়ি আছে বহু নদীৰ জলস্তৰ

দৰভাঙ্গাৰ পাঞ্চ'ভ পঞ্চায়তৰ প্ৰধান ৰাজীৱ কুমাৰ চৌধুৰীৰ ইটিভি ভাৰতৰে হোৱা এক বাৰ্তালাপত জানিবলৈ দিলে, জিলাখনৰ প্ৰায় ৫০হাজাৰ জনসংখ্যাৰ ১২ খন গাঁও বৰ্তমান পানীৰ তলত । নদীৰ জলস্তৰ বৃদ্ধি আৰু অধিক বৃদ্ধিৰ সম্ভাৱনা আছে । এনে হ'লে আৰু অধিক গাঁৱৰ লগতে বাসগৃহ সমূহৰো বিস্তৰ ক্ষতিসাধন হ'ব । এজন স্থানীয় বান ক্ষতিগ্ৰস্তই জনোৱা মতে, চৰকাৰে শীঘ্ৰেই নাও আৰু প্লাষ্টিকৰ চিত(sheet)ৰ ব্যৱস্থা কৰা উচিত । নহ'লে আমাৰ বাবে সমস্যা আৰু অধিক জটিল হৈ উঠিব ।

প্ৰলয়ঙ্কৰী বানত বিহাৰৰ বহুকেইখন জিলাৰ ক্ষতিসাধন; বাঢ়ি আছে বহু নদীৰ জলস্তৰ
প্ৰলয়ঙ্কৰী বানত বিহাৰৰ বহুকেইখন জিলাৰ ক্ষতিসাধন; বাঢ়ি আছে বহু নদীৰ জলস্তৰ

ABOUT THE AUTHOR

...view details