নেশ্যনেল ডেস্ক, 22 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে শনিবাৰে ৰাষ্ট্ৰীয় জনতা দলে ঘোষণা কৰিছিল বিহাৰ বন্ধৰ ৷ বন্ধৰ সময়চোৱাত ভগলপুৰত অট’ ৰিক্সা তথা যান-বাহনত আক্ৰমণেৰে উদ্ভাণ্ডালি চলোৱা দলটোৰ তিনিজন নেতাক বৰ্খাস্ত কৰে দলীয় নেতৃত্বই ৷
উল্লেখ্য যে, আৰ.জে.ডি দলৰ ভগলপুৰৰ সভাপতি তিৰুপতি নাথ, যুৱ নেতা মিৰাজ চ্যাণ্ড আৰু শ্বাহজাদাক বৰ্খাস্ত কৰা বুলি এক দলীয় বিবৃতিযোগে প্ৰকাশ কৰে ৷
বন্ধৰ সময়চোৱাত সমগ্ৰ বিহাৰৰ কেইবাঠাইতো সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাৰ বাবে আৰক্ষীয়ে 13 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 1550 জনক আটক কৰে ৷ বিহাৰৰ 38 খন জিলাৰ পৰা এইসমূহ লোকক আটক কৰা বুলি বিহাৰৰ অতিৰিক্ত মুখ্য আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰে প্ৰকাশ কৰে ৷