অসম

assam

ETV Bharat / bharat

2020 ৰ বিহাৰ বিধান সভা নিৰ্বাচনঃ নীতিশৰ মুখৰ ওপৰতে নিৰ্ভৰ কৰিব জে.ডি.ইউৰ ভৱিষ্যত - বিহাৰ

আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰত্যেক ৰাজনৈতিক দলে ৰণভূমিত নামি পৰাৰ মাজতে সকলো ঠাইতে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মুখ ৷ নীতিশ কুমাৰৰ বাদে অন্য কোনো জ্যেষ্ঠ নেতাক ক'তো দেখিবলৈ পোৱা হোৱা নাই ৷ কাৰ্যালয়ৰ বিভিন্ন প'ষ্টাৰত কেৱল নীতিশ কুমাৰৰ ফটো আৰু শ্ল'গান পৰিলক্ষিত হৈছে ৷

2020 ৰ বিহাৰ বিধান সভা নিৰ্বাচন : নীতিশৰ মুখৰ ওপৰতে নিৰ্ভৰ কৰিব জে ডি ইউৰ ভৱিষ্যত
2020 ৰ বিহাৰ বিধান সভা নিৰ্বাচন : নীতিশৰ মুখৰ ওপৰতে নিৰ্ভৰ কৰিব জে ডি ইউৰ ভৱিষ্যত

By

Published : Oct 24, 2020, 9:43 PM IST

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ:2020 ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে প্ৰত্যেকটো ৰাজনৈতিক দলৰ ব্যস্ততা ৷ ইয়াৰ মাজতে প্ৰায় সকলো ঠাইতে জিলিকি আছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মুখ ৷ দেখা গৈছে যে অন্য জেষ্ঠ নেতা সকলক একাষৰীয়া কৰি জে ডি ইউ এ লাহেকৈ নিৰ্বাচনী বৈতৰণী পাৰ হৈ যাব খুজিছে ৷ দলীয় কাৰ্যালয়ৰ লগতে সদ্যমুক্তিপ্ৰাপ্ত ভিডিঅ'টো দেখা গৈছে যে নীতিশ কুমাৰৰ মুখৰ প্ৰচাৰ চলোৱাত যৎপৰোনাস্তি চেষ্টা চলোৱা হৈছে ৷ এই ঘটনা যে প্ৰথমবাৰেই হৈছে তেনে নহয় ৷ পূৰ্বতেও পৰিলক্ষিত হৈছে যে আৰ.জে.ডি বা বিজেপি যাৰে লগতে মিত্ৰতা হলেও নীতিশ কুমাৰৰ মুখ খনকেই সদায় অগ্ৰাধিকাৰ দিয়া হয় ৷ অনুৰূপ 2020 ৰ নিৰ্বাচন ৷ অন্য নেতাক বাদ দি জে.ডি.ইউত কেৱল নীতিশৰ মুখ খনহে দেখা গৈছে ৷

নীতিশৰ বাদে অন্য কোনো নাই

2020 ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ৰণ অধিক তীব্ৰতৰ হৈ উঠিছে ৷ প্ৰত্যেকটো দলেই আসনৰ ভাগ বটোৱাৰা কৰাত ব্যস্ত হৈ পৰিছে ৷ এটাক হৰুৱাই আনটো আগবাঢ়ি যোৱাই যেন সকলোৰে একমাত্ৰ লক্ষ্য ৷ জে.ডি.ইউৰ কথা কোৱাৰ লগে লগেই নীতিশ কুমাৰৰ বাহিৰে অন্য কোনো জেষ্ঠ নেতাক ক'তো দেখিবলৈ পোৱা যোৱা নাই ৷ কাৰ্যালয়ৰ বাহিৰে ভিতৰে সকলোবোৰ প'ষ্টাৰতে কেৱল নীতিশ কুমাৰৰ নাম আৰু শ্ল'গান পৰিলক্ষিত হৈছে ৷

সকলোতে কেৱল নীতিশৰ নাম

সকলোৱে অৱগত যে বিগত কেইবা বছৰ ধৰি দলৰ সকলো সাংগঠনিক কাম কাজ আৰ চি পি সিঙে চোৱাচিতা কৰি আহিছে ৷ কিন্তু ইয়াৰ পাছতো ক'তোৱেই আৰ চি পি সিঙৰ মুখ দেখিবলৈ পোৱা নাই ৷ জেষ্ঠ নেতা বিজয় চৌধুৰী, বিজেন্দ্ৰ যাদৱ, লালান সিং, শ্ৰৱন কুমাৰ , জয় কুমাৰ সিঙকো ক'তো দেখিবলৈ পোৱা হোৱা নাই ৷ দলৰ প্ৰত্যেকখন বেনাৰ, শ্ল'গান, আনকি সদ্যমুক্তিপ্ৰাপ্ত প্ৰচাৰকেন্দ্ৰীক ভিডিঅ'টোতো কেৱল নীতিশ কুমাৰক হে দেখা গৈছে ৷

অন্য নেতাতকৈ নীতিশ কুমাৰ পৃথক

সকলোতে কেৱল নীতিশ কুমাৰকহে দেখিবলৈ পোৱা সন্দৰ্ভত প্ৰশ্ন কৰাত জেষ্ঠ দলীয় নেতা জয় কুমাৰ সিঙে কয় যে প্ৰত্যেক ক্ষেত্ৰতে নীতিশ কুমাৰৰ ভাৱধাৰা আৰু দৃষ্টিভংগী অন্য সকলতকৈ একক আৰু অনন্য, সেয়ে অন্য কোনো মুখেই দলত সুবিধা নাপায় ৷

একে সময়তে মন্ত্ৰী মহেশ্বৰ হাজাৰিয়ে কয় যে নীতিশ কুমাৰ অন্য নেতা সকলকৈ পৃথক ৷ অন্য দলৰ নেতা সকলে প্ৰথমে তেওঁলোকৰ পৰিয়ালৰ বাবে চিন্তা কৰে ৷ কিন্তু ৰাইজে নীতিশ কুমাৰৰ পৰিয়ালৰ লোকৰ বিষয়ে কোনো কথাই নাজানে ৷ নীতিশে সদায়েই বিহাৰ আৰু দলৰ কথা চিন্তা কৰে ৷ সেয়ে সকলোৱে তেওঁৰ মুখখনক বিশ্বাস কৰে ৷

নীতিশে কেতিয়াও দ্বিতীয়টো শাৰী তৈয়াৰ হ'ব নিদিয়ে

ৰাজনৈতিক বিশ্লেষক দি এম দিবাকৰে এই ক্ষেত্ৰত এক পৃথক মত পোষণ কৰি কয় যে, এইয়া এক গভীৰ চিন্তনীয় বিষয় যে নীতিশ কুমাৰে কেতিয়াও দ্বিতীয়টো শাৰী তৈয়াৰ হ'ব নিদিয়ে ৷ সেয়ে অন্য কোনো দাবীদাৰ উদ্ভৱ নোহোৱাটো অতি স্বাভাৱিক ৷ সেয়ে নীতিশ কুমাৰেই দলৰ একমাত্ৰ মুখ হৈ ৰৈ গৈছে ৷

জেডিইউত অন্য জেষ্ঠ নেতা সকলক একাষৰীয়া কৰা হৈছে

বিজেপিয়েও নীতিশ কুমাৰৰ নেতৃত্বত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে ৷ জে.ডি.ইউত সকলোৱে নীতিশৰ মুখখনক বিশ্বাস কৰে ৷ সেয়ে দলীয় প'ষ্টাৰত অন্য নেতা সকলৰ পৰিৱৰ্তে কেৱল নীতিশ কুমাৰকহে প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে ৷ এনে পৰিস্থিতিত এই কথা বুজা গৈছে যে এই নিৰ্বাচনত একমাত্ৰ নীতিশ কুমাৰৰ মুখখনৰ বাবেহে এনডিএয়ে নিৰ্বাচনত নামিব পাৰিব ৷

লগতে পঢ়ক:বিহাৰৰ নিৰ্বাচনী ইস্তাহাৰত বিনামূলীয়া ক'ৰণা প্ৰতিষেধকৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ সঠিক ক্ৰমত আছেঃ সীতাৰমণ

ABOUT THE AUTHOR

...view details