নিউজ ডেস্ক,৩ জুলাইঃদেশজুৰি মহামাৰী কৰ'ণা দ্ৰুত গতিত বৃদ্ধি পোৱা সময়তে বৃহস্পতিবাৰৰ দিনটোত তেলেংগানাত লাভ কৰিছে সৰ্বাধিক কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । বৃহস্পতিবেৰ তেলেংগানাত ১,২১৩ গৰাকী ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী কৰ'ণাৰ উপস্থিতি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত মুঠ কৰ'ণা আক্ৰান্তৰ সংখ্যাই ১৮,৫৭০ গৰাকীলৈ বৃদ্ধি পায় বুলি সদৰি কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে । লগতে বিগত ২৪ ঘণ্টাত ৰাজ্য়খনত কৰ'ণাত আক্ৰান্ত হৈ ৮ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ২৭৫ গৰাকীলৈ বৃদ্ধি পায় বুলি সদৰি কৰে ।
আনহাতে, ৰাজ্যখনত বৃহস্পতিবাৰে ৫,৩৫৬ গৰাকী ব্যক্তিৰ কৰ'ণা পৰীক্ষা কৰা হৈছে । যাৰ ফলত ৰাজ্যখনত ৯৮,১৫৩ গৰাকী ব্যক্তিৰ ইতিমধ্যে কৰ'ণা পৰীক্ষা কৰা হৈছে বুলি সদৰি কৰে । কিন্তু অন্য ৰাজ্যৰ তুলনাত তেলেংগানাত কৰ'ণা পৰীক্ষাৰ পৰিমাণ কম বুলিও জানিবলৈ দিয়ে । ৰাজ্যখন ৩৩ খন জিলাৰ ভিতৰত ২৬ খন জিলাতে এই মাৰাত্মক ভাইৰাছ সংক্ৰমণ হৈছে বুলিও সদৰি কৰে ।