অসম

assam

By

Published : Apr 16, 2020, 5:51 PM IST

ETV Bharat / bharat

কৰ'ণা বিৰোধী যুঁজত সহযোগিতা ভাৰতীয় ৰে'ল বিভাগৰ

বিগত 2-3 দিনৰ ভিতৰত প্ৰায় 150 টা তেনে ব্যক্তিগত সুৰক্ষা সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে এন এফ ৰে'লৱেৰ কৰ্মচাৰী সকলে ৷ উত্তৰ-পূৱ ৰে'লৱে ভাৰতীয় ৰে'ল বিভাগে প্ৰস্তুত কৰিব বিচৰা 30 হাজাৰ সামগ্ৰীৰ ভিতৰত 2000 পি পি ই প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে ৷

big-boost-to-provide-protection-to-health-care-professionals-in-fight-against-covid-19
কৰ'ণা বিৰোধী যুঁজত সহযোগিতা ভাৰতীয় ৰে'ল বিভাগৰ

নিউজ ডেস্ক,16 এপ্ৰিল :ভাৰতীয় ৰে'ল বিভাগৰ নিৰ্মাণকাৰী শাখা,ৱৰ্কশ্বপ আৰু ক্ষেত্ৰ শাখাই কৰ'ণা ভাইৰাছৰ সৈতে পোনপেটীয়া সংঘৰ্ষ কৰি থকা ৰে'ল বিভাগৰ চিকিৎসালয় তথা স্বাস্থ্য সেৱাৰ লগত জড়িত লোকৰ কাৰণে ব্যক্তিগত সুৰক্ষা সামগ্ৰী, চমুকৈ পি পি ই প্ৰস্তুত কৰিব ৷ ভাৰতীয় ৰে'ল বিভাগে তেনে 30 হাজাৰ সামগ্ৰী এপ্ৰিল মাহৰ ভিতৰতে স্বাস্থ্যকৰ্মী সকলক যোগান ধৰাৰ লগতে আৰু এক লাখ তেনে পি পি ই মে' মাহৰ ভিতৰত প্ৰস্তুত কৰি উলিয়াব বূুলি জানিবলৈ দিছে ৷ ইতিমধ্যে গোৱালিয়ৰৰ ডি আৰ ডি অ পৰীক্ষাগাৰত ইয়াৰ যাৱতীয় পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে ৷ ব্যক্তিগত সুৰক্ষা সামগ্ৰীৰ চাহিদা অনুযায়ী ইতিমধ্যে উত্তৰ-ুপূৱ ৰে'লৱেৰো ৱৰ্কশ্বপত প্ৰস্তুতকৰণৰ কাম আৰম্ভ কৰা হৈছে ৷ উত্তৰ-পূৱ ৰে'লৱেৰ নিউ বঙাইগাওঁ আৰু ডিব্ৰুগড়স্থিত ৱৰ্কশ্বপত মজুত থকা নিৰ্মাণ সামগ্ৰীৰ দ্বাৰা ইতিমধ্যে ৰে'ল বিভাগৰ কৰ্মীয়ে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে ৷

বিগত 2-3 দিনৰ ভিতৰত প্ৰায় 150 টা তেনে ব্যক্তিগত সুৰক্ষা সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে এন এফ ৰে'লৱেৰ কৰ্মচাৰী সকলে ৷ উত্তৰ-পূৱ ৰে'লৱে ভাৰতীয় ৰে'ল বিভাগে প্ৰস্তুত কৰিব বিচৰা 30 হাজাৰ সামগ্ৰীৰ ভিতৰত 2000 পি পি ই প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে ৷ ভাৰতীয় ৰেলৱেৰ চিকিৎসক, চিকিৎসাকৰ্মী তথা অন্যান্য স্বাস্থ্য সেৱা কৰ্মীয়েও বৰ্তমান কৰ'ণাৰ বিৰুদ্ধে চলা এই যুঁজত প্ৰত্যক্ষ ভাৱে নামি পৰিছে ৷ ইতিমধ্যে ভাৰতীয় ৰেলৱেৰ প্ৰায় 5000 ক আইচলেছন ৱাৰ্ড হিচাপে প্ৰস্তুত কৰি ৰোগীৰ চিকিৎসা-সুশ্ৰষা কৰি থকা হৈছে ৷

লগতে পঢ়ক : স্ব-ভূমিতে বন্দীত্বৰ জীৱন কটাইছে ভাৰত-বাংলা সীমান্তৰ বহু পৰিয়ালে

ABOUT THE AUTHOR

...view details