নিউজ ডেস্ক,20 জানুৱাৰী: যেতিয়া সমগ্ৰ বিশ্বই আমেৰিকাৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ উদ্বোধনী ভাষণৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল, সেই সময়তেই তেলাংগানাৰ এখন সৰু গাঁৱৰ ৰাইজে এই মুহুৰ্তটোক উদযাপন কৰিছিল ৷ কাৰণ বাইডেনৰ ভাষণটো লিখা ব্যক্তিগৰাকীৰ শিপাডাল এই গাঁৱতে আছে ৷
ছোলেটী বিনয় ৰেড্ডীক মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বক্তৃতা লেখক হিচাপে নিৰ্বাচিত কৰাত আনন্দিত হৈ পৰিছে হায়দৰাবাদৰ পৰা প্ৰায় 200 কিলোমিটাৰ দূৰত্বত অৱস্থিত কৰিমনগৰ জিলাৰ পথীৰেড্ডীপেটাৰ গাঁৱৰ ৰাইজ ৷
গাঁওবাসীয়ে বিনয় ৰেড্ডীৰ পিতৃ নাৰায়ন ৰেড্ডীৰ কথা সুঁৱৰিছে ৷ উল্লেখ্য যে, 1970 চনতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত হৈছিল নাৰায়ন ৰেড্ডী ৷ পথীৰেড্ডীপেটাৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি হায়দৰাবাদৰ পৰা এমবিবিএছ শিক্ষা সমাপ্ত কৰাৰ পিছতেই আমেৰিকালৈ উৰা মাৰে নাৰায়ন ৰেড্ডীয়ে ৷
লগতে পঢ়ক-হোৱাই হাউচৰ নিকটৱৰ্তী সদস্যৰ তালিকাত অন্তৰ্ভূক্ত হ’ল কেইবাগৰাকীয়ো ভাৰতীয়ৰ নাম