অসম

assam

ETV Bharat / bharat

অৰ্থনৈতিক কেবিনেট দল ঘোষণা বাইডেনৰ

সম্পূৰ্ণ হ’ল বাইডেনৰ কেবিনেট ৷ 24 জনীয়া এই পৰিষদে নিশ্চিতভাৱে চৰকাৰৰ বিশ্বাস ঘূৰাই আনি দেশখনক গতিশীলতা প্ৰদান কৰিব বুলি বিশ্বাসী বাইডেন ৷

By

Published : Jan 9, 2021, 12:53 PM IST

Biden announces key picks for his economic team
অৰ্থনৈতিক কেবিনেট দল ঘোষণা বাইডেনৰ

নেশ্যনেল ডেস্ক, 9 জানুৱাৰী : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে বৃহস্পতিবাৰে তেওঁৰ গঠন হ’ব লগীয়া প্ৰসাশনৰ মন্ত্ৰী পৰিষদৰ বাবে পদ বাচনি কৰি আন এক চেট ঘোষণা কৰে ৷ বাইডেনে ৰ’ড আইলেণ্ড গিনা ৰেইমণ্ডোক বাণিজ্যিক সচিব হিচাপে মনোনীত কৰাৰ বিপৰীতে বষ্টনৰ মেয়ৰ মাৰ্টি ৱাল্চক শ্ৰমিক বিভাগৰ সচিব হিচাপে মনোনীত কৰিছে ৷ ইয়াৰ লগতে ইচাবেল গুজমেনক ক্ষুদ্ৰ বাণিজ্যিক প্ৰশাসনৰ দায়িত্ব অৰ্পন কৰিছে আৰু ডন গ্ৰেভচক বাণিজ্য বিভাগৰ উপ সচিবৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷

ইতিমধ্য়ে কেবিনেটৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া ইতমধ্যে সমাপ্ত হৈছে বুলি জানিবলৈ দিছে জ’ বাইডেনে ৷ তেওঁ কয় যে, 24 জনীয়া এই পৰিষদে নিশ্চিতভাৱে চৰকাৰৰ বিশ্বাস ঘূৰাই আনিব আৰু দেশখনক গতিশীলতা প্ৰদান কৰিব ৷ এই কেবিনেট খনক ঐতিহাসিক বুলিও দাবী কৰিছে বাইডেনে ৷ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে কেপিট’লত সংঘটিত উত্তপ্ত পৰিস্থিতিৰ মাজতে নিহত কৰ্মৰত আৰক্ষী বিষয়াগৰাকীৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে ৷

এই সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে কৰে যে, বাইডেন আৰু তেওঁ বিনিময় কৰা মৌলিক মূল্যবোধৰ ভিতৰত অন্যতম হৈছে কৰ্মৰ মৰ্যাদা ৷ এখন চেকতকৈ যে এটা কামৰ মূল্য অধিক সেয়া আমি বুজি পাঁও ৷ এইয়া মৰ্যাদা আৰু সন্মানৰ কথা ৷ মোৰ মাতৃয়ে মোক শিকাইছে যে, আমি কিমান উপাৰ্জন কৰো সেইটো গুৰুত্বপূৰ্ণ নহয় ৷ প্ৰতিটো কামৰে সহজাত মান অথবা মূল্য আছে ৷

লগতে পঢ়ক :টুইটাৰে স্থায়ীভাৱে বন্ধ কৰিলে ড’নাল্ড ট্ৰাম্পৰ একাউন্ট

ABOUT THE AUTHOR

...view details