অসম

assam

ETV Bharat / bharat

কাইলৈ ভাৰতত উপস্থিত হ'ব ভূটানৰ বৈদেশিক মন্ত্ৰী তাণ্ডি দৰ্জি - ভূটানৰ বৈদেশিক মন্ত্ৰী তাণ্ডি দৰ্জীৰ ভাৰত ভ্ৰমণ

18 নৱেম্বৰত দৰ্জীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰৰ সৈতে হাইদৰাবাদ হাউছত এক আলোচনাত মিলিত হ'ব ৷ উল্লেখ্য যে, বৈদেশিক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে জয়শংকৰে জুন মাহত ভূটানলৈ দুদিনীয়া কাৰ্যসূচীৰে ভ্ৰমণ কৰিছিল ৷

ভাৰত-ভূটান দ্বিপাক্ষিক সম্পৰ্ক

By

Published : Nov 16, 2019, 8:11 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 16 নৱেম্বৰ : ভূটানৰ বৈদেশিক মন্ত্ৰী তাণ্ডি দৰ্জীয়ে 5 দিনীয়া ভ্ৰমণসূচীৰে 17 নৱেম্বৰত ভাৰতত উপস্থিত হ'ব ৷ শনিবাৰে পুৱাৰ ভাগত নতুন দিল্লীত উপস্থিত হ'ব চুবুৰীয়া দেশখনৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ বিয়লি ভাগত ভাৰতৰ বৈদেশিক সচিব বিজয় গোখালেৰ সৈতে এক আলোচনাত মিলিত হ'ব তাণ্ডি দৰ্জী ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

18 নৱেম্বৰত দৰ্জীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰৰ সৈতে হাইদৰাবাদ হাউছত এক আলোচনাত মিলিত হ'ব ৷ উল্লেখ্য যে, বৈদেশিক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে জয়শংকৰে জুন মাহত ভূটানলৈ দুদিনীয়া কাৰ্যসূচীৰে ভ্ৰমণ কৰিছিল ৷

তাণ্ডি দৰ্জি

মঙলবাৰে তাণ্ডি দৰ্জীয়ে বিহাৰৰ বুদ্ধগয়ালৈ দুদিনীয়া এক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উৰা মাৰিব ৷ ইয়াৰ পাচতে বৃহস্পতিবাৰে তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনখাৰ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে মিলিত হ'বৰ বাবে কলিকতা ভ্ৰমণ কৰিব ৷ শুকুৰবাৰে তেওঁ কলিকতাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷

23 নৱেম্বৰত তাণ্ডি দৰ্জীয়ে নিজ দেশলৈ উভটি যাব ৷

আৰু পঢ়ক : তথ্য জনাৰ অধিকাৰ আইনৰ আওঁতাত সৰ্বোচ্চ ন্যায়ালয় !

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details