সকলোৱে নিজকে কংগ্ৰেছ দলৰ মুৰব্বী বুলি ভাৱে: ভুবনেশ্বৰ কলিতা - কংগ্ৰেছ
ধাৰা 370ক লৈ কংগ্ৰেছৰ হুইপৰ বাবে অপক্ষা কৰিছিল ভুবনেশ্বৰ কলিতাই কিন্তু কোনো নিৰ্দেশনা নোপোৱাত বিমোৰত পৰে তেওঁ ৷ কলিতাই কয় যে ধাৰা 370ৰ খাৰিজৰ সপক্ষে আছিল তেওঁ ৷
নতুন দিল্লী,6 আগষ্টঃ ধাৰা 370ক লৈ দ্বিমতৰ সৃষ্টি হৈছিল কংগ্ৰেছৰ মাজত, এই মন্তব্য প্ৰাক্তন কংগ্ৰেছ নেতা ভুবনেশ্বৰ কলিতাৰ ৷ সকলোৱে নিজকে কংগ্ৰেছ দলৰ মুৰব্বী বুলি ভাৱে বুলি অভিযোগ উত্থাপন কৰে কলিতাই ৷ ধাৰা 370ক লৈ কংগ্ৰেছৰ হুইপৰ বাবে অপেক্ষা কৰিছিল তেওঁ কিন্তু কোনো নিৰ্দেশনা নোপোৱাত বিমোৰত পৰে তেওঁ ৷ আৰু কয় যে ধাৰা 370ৰ খাৰিজৰ সপক্ষে আছিল তেওঁ ৷ দলত থাকিলে বিৰোধিতা কৰিব লগা হ'ল হয় সেইবাবে তেওঁ দল আৰু পদৰ পৰা পদত্যাগ কৰে ৷ অৱশ্যে কংগ্ৰেছ ত্যাগ কৰাৰ পিচত ভৱিষ্যতৰ কোনো পৰিকল্পনা এতিয়ালৈকে কৰা নাই বুলি তেওঁ জানিবলৈ দিয়ে ৷