অসম

assam

By

Published : Jun 16, 2020, 3:58 PM IST

ETV Bharat / bharat

ভূপালত বৃদ্ধি পাইছে মোডী মাস্কৰ চাহিদা

ৰাজনৈতিক নেতাৰ চিত্ৰ অংকন কৰা এই মাস্কসমূহ ৮০-১০০ টকাত বিক্ৰী কৰা হৈছে। এই মাস্ক বিক্ৰীৰ ক্ষেত্ৰত ৰাইজৰ পৰা ভাল প্ৰতিক্ৰিয়া লাভ কৰিছে ব্যৱসায়ীগৰাকীয়ে।

মোডী মাস্ক
Bhopal: Masks with PM Narendra Modi's face printed on them in high demand

নিউজ ডেস্ক, ১৬ জুনঃ কোভিড-১৯ৰ সংকটৰ সময়ত মধ্যপ্ৰদেশৰ ভূপালত বৃদ্ধি পাইছে মোডী মাস্কৰ চাহিদা। চহৰখনৰ এজন ব্যৱসায়ীয়ে বিক্ৰী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে অন্য ৰাজনৈতিক নেতাৰ মুখৰ আধা অংশ অংকন কৰা কাপোৰৰ মাস্ক।

ভূপালত বৃদ্ধি পাইছে মোডী মাস্কৰ চাহিদা

ইতিমধ্যে,মোডীৰ মুখ অংকণ কৰা প্ৰায় ১০০০ মাস্ক বিক্ৰী কৰিছে ব্যৱসায়ীগৰাকীয়ে। তেখেতে উল্লেখ কৰা অনুসৰি চহৰখনত বৃদ্ধি পাইছে মোডী মাস্কৰ চাহিদা। তদুপৰি,ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱবাজ সিং চৌহানৰ মুখ অংকণ কৰা মাস্কৰ চাহিদাও অধিক বুলি জানিবলৈ দিয়ে ব্যৱসায়ীগৰাকীয়ে। লগতে,ৰাহুল গান্ধী,কমল নাথ আদিৰো মাস্ক তৈয়াৰ কৰি উলিয়াইছে কুনাল পৰিয়াণি নামৰ ব্যৱসায়ীজনে।

ৰাজনৈতিক নেতাৰ চিত্ৰ অংকণ কৰা এই মাস্কসমূহ ৮০-১০০ টকাত বিক্ৰী কৰা হৈছে। এই মাস্ক বিক্ৰীৰ ক্ষেত্ৰত ৰাইজৰ পৰা ভাল প্ৰতিক্ৰিয়া লাভ কৰাত আনন্দিত হৈ পৰিছে ব্যৱসায়ীগৰাকী।

লগতে চাওকঃ ২১ গৰাকী মুখ্যমন্ত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ABOUT THE AUTHOR

...view details