নিউজ ডেস্ক, ৩১ মাৰ্চঃমুম্বাইৰ নিয়াৰ বিশেষ আদালতে জামিন নাকচ কৰিলে ভীমা কৰেগাঁও ঘটনাৰ দুই অভিযুক্তৰ । মঙলবাৰে আদালতে ভাৰাভাৰা ৰাও আৰু শ্বোমা সেনৰ জামিন আবেদন নাকচ কৰে । নভেল কৰ'ণা ভাইৰাছৰ বাবেই জামিন বিচাৰি আবেদন কৰিছিল দুই অভিযুক্তই ।
ৰাওক ২০১৮ বৰ্ষৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে শ্বোমা সেনক সেই বৰ্ষৰে জুন মাহত গ্ৰেপ্তাৰ কৰা হৈছিল আন পাঁচ সতীৰ্থৰ সৈতে । মাওবাদীৰ সৈতে মিলিত হৈ হিংসাত্মক ঘটনা সংঘটিত কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।