অসম

assam

ETV Bharat / bharat

কেনেকৈ কৰ'ণা মুক্ত হ'ল ৰাজস্থানৰ এখন জিলা !

চাৰিওদিশে কৰ'ণা ভাইৰাছৰ তাণ্ডৱে দেখা দিয়াৰ মাজতেই ৰাজস্থানৰ ভীলৱাড়া জিলা প্ৰশাসনে দাঙি ধৰিছে নিদৰ্শন । অহৰহ প্ৰচেষ্টা, সহযোগিতাৰে জিলাখনত সকলো কৰ'ণা ৰোগীক সুস্থ কৰি ঘৰলৈ উভতাই পঠিয়াবলৈ সক্ষম হৈছে ।

By

Published : Apr 7, 2020, 1:38 PM IST

Corona warriors: How Bhilwara challenged and won the war against the Virus
Corona warriors: How Bhilwara challenged and won the war against the Virus

নিউজ ডেস্ক, ৭ এপ্ৰিলঃৰাজস্থানত দিনক দিনে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা । ৰাজ্য়খনৰ ৰাজধানী চহৰত সংহাৰী ৰূপ ধাৰণ কৰিছে COVID-19 য়ে । আনহাতে আটাইতকৈ শোচনীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল ৰাজ্যখনৰ ভীলৱাড়া জিলা ।

জিলাখনৰ যি কেইজন লোকক COVID-19 ৰ পৰীক্ষা কৰা হৈছিল সকলোৰে ফলাফল পজিটিভ পোৱা গৈছিল । ইয়াৰ লগে-লগে জিলা প্ৰশাসনৰ সন্মুখত আহি পৰিছিল দুটাকৈ প্ৰত্যাহ্বান । আক্ৰান্তৰ সংখ্যা ৰোধ কৰাৰ লগতে আটাইতকৈ ক্ষতিগ্ৰস্থ হোৱা অঞ্চলৰ পৰা জিলাখনৰ নাম বাদ পেলোৱাৰ ।

বৰ্তমানে জিলাখনত নাই এজনো ৰোগী । সকলো আক্ৰান্ত ব্যক্তিক চিকিৎসা প্ৰদানৰ পাচত সুস্থ কৰি ঘৰলৈ যাবলৈ দিয়া হৈছে । যিটো বহু জিলা তথা জিলা প্ৰশাসনৰ বাবে এতিয়া প্ৰেৰণা হৈ পৰিছে ।

জিলা প্ৰশাসনে সময়তেই এই ভাইৰাছক ৰোধ কৰিবলৈ বহু কেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল । ইয়াৰ ভিতৰত আছিল সান্ধ্য আইনৰ পাচতে জিলাত লক্ ডাউন ঘোষণা কৰা । প্ৰশাসনে জৰুৰী সকলো পদক্ষেপ হাতত লৈছিল যাৰ দ্বাৰা নাগৰিকৰ সহায় হয় । জিলাখনৰ সকলো সীমান্তও বন্ধ কৰা হৈছিল । আনহাতে নাগৰিকৰ পূৰ্ণ সহযোগিতা লাভ কৰিছিল ।

আনহাতে স্বাস্থ্য বিভাগে যিমান পাৰি সিমান লোকক টেষ্ট কৰাৰ ব্য়ৱস্থা কৰিছিল । জিলাখনত প্ৰায় ৮ লাখ লোকক টেষ্ট কৰা হৈছিল । জিলা, স্বাস্থ্য বিভাগৰ এই কষ্টৰ পৰিণতিতেই বৰ্তমান কৰ'ণা মুক্ত ভীলৱাড়া জিলা । জিলাখনত শেষবাৰৰ বাবে যোৱা ৩০ মাৰ্চত ধৰা পৰিছিল COVID-19 ত আক্ৰান্তৰ ঘটনা ।

লগতে চাওক- ভ্ৰমণ তথ্য গোপনীয় ৰখা অপৰাধাত ১৬ জনৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details