নিউজ ডেস্ক, 7 জুলাই : অগ্ৰণী প্ৰতিষেধক নিৰ্মাতা কোম্পানী ভাৰত বায়'টেকে শেহতীয়াকৈ হায়দৰাবাদৰ নেশ্যনেল ইনষ্টিটিউট অফ্ ভাইৰোলজিত COVID-১৯ ৰ প্ৰতিষেধক COVAXIN ৰ মানৱিক দেহত পৰীক্ষণৰ বাবে আৰম্ভ কৰিছে পঞ্জীয়ন প্ৰক্ৰিয়া ।
সফলতা পূৰ্বক প্ৰথম স্বদেশী প্ৰতিষেধক আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰাৰ পাচতেই নেশ্য়নেল ইনষ্টিটিউট অফ মেডিকেল চাইঞ্চ (NIMS) বিজ্ঞানীয়ে বহু স্বেচ্ছাসেৱীৰ পৰা নমুনা সংগ্ৰহৰ কাম আৰম্ভ কৰিছে ।
শেহতীয়াকৈ ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰল অফ ইণ্ডিয়াৰ পৰা এই প্ৰতিষেধকৰ মানৱ দেহত পৰীক্ষণৰ অনুমিত লাভ কৰিছিল ভাৰত বায়'টেকে ৷ ভাৰতৰ ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰল অফ ইণ্ডিয়া CDSCOৰ স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰণালয়ে প্ৰাক ক্লিনিকেল অধ্যয়নৰ পৰা পোৱা তথ্যৰ ফলাফল জমা দিয়াৰ পাচতেই সুৰক্ষা, প্ৰতিৰোধ প্ৰতিক্ৰিয়াৰ প্ৰদৰ্শন কৰি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মানৱিক ক্লিনিকেল ট্ৰায়াল আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল ৷