প্ৰশ্ন : প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰতিযোগিতা চলিছে নেকি ? আপোনাৰ কোম্পানীয়ে এক সফল প্ৰতিষেধকৰ ঘোষণা কৰিব পাৰিবনে ?
উত্তৰ : সাধাৰণতে এটা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াবলৈ 14-15 বছৰৰ প্ৰয়োজন হয় ৷ 14-15 বছৰৰ কাম এটা বছৰত কৰাটো আমাৰ বাবে কঠোৰ প্ৰত্যাহ্বানমূলক ৷
প্ৰশ্ন :তেন্তে আপোনালোকে অতি কম সময়তে এই কাম সম্পন্ন কৰিবলৈ সক্ষম হ'ব ৷ এয়াও এক সফলতা বুলি গণ্য কৰিব পাৰি ৷ কিন্তু এয়া বৈশ্বিক সহযোগিতাৰ বাবে হৈছেনে ? এই ক্ষেত্ৰত বহুসংখ্যক বৈজ্ঞানিক সাহিত্যও আছে সেয়েহে গৱেষকসকলে সকলো কথা মুকলিকৈ কৈছে ৷ বৈজ্ঞানিক সাহিত্যই আপোনালোকক সহায় কৰিলেনে ?
উত্তৰ : 2-3 মাহৰ পূৰ্বে COVID-19 ৰ ক্ষেত্ৰত কোনো সাহিত্য জড়িত হৈ থকা নাছিল ৷ বিভিন্ন ধৰণৰ তথ্য প্ৰকাশ পাইছিল আৰু মই গৌৰৱান্বিত যে, চীন আৰু আমেৰিকাই এই তথ্যসমূহ সকলোৰে সৈতে শ্বেয়াৰ কৰিছিল ৷ সেয়ে এটা ভাল কথা ৷ কিন্তু, উৎপাদকৰ তৰফৰ পৰা চাবলৈ গ'লে এনে কোনো তথ্য প্ৰকাশ পোৱা নাই ৷ যি তথ্য প্ৰকাশ পাইছে সেয়ে জীৱ-জন্তু আৰু ক্লিনিকেল পৰীক্ষাৰ পৰা লাভ কৰা তথ্য ৷ উৎপাদন সদায়ে এক গুপুত ব্যৱসায় ৷ সেয়েহে এই বিষয়টো কোনেও প্ৰকাশ নকৰে ৷ এই তথ্যসমূহ কোম্পানীৰ ভিতৰতে থাকে ৷
প্ৰশ্ন :আপুনি জনাব বিচাৰিব নেকি ট্ৰায়েল প্ৰক্ৰিয়া কিদৰে আৰম্ভ হয় আৰু বজাৰত প্ৰতিষেধক মুকলি কৰাৰ পূৰ্বে কি কি পৰ্যায় পাৰ কৰিবলগা হয় ?
উত্তৰ : নেশ্যনেল ইনষ্টিটিউট অৱ ভিৰ'লোজী (NIV), পুনেই ভাইৰাছবিধক পৃথক কৰি ৰাখিছে ৷ তেওঁলোকে ভাইৰাছবিধৰ প্ৰকৃতিসমূহ ধৰা পেলাইছে আৰু আমাৰ ভাইৰাছবিধ প্ৰদান কৰিছে ৷ ইয়াৰ পাচতে আমি R&D batch আৰু GMP batch উৎপাদন কৰি উলিয়াইছো ৷ মানুহৰ দেহত প্ৰদান কৰিবলগা Good Manufacturing Practise (GMP) batch ত উৎপাদন কৰি উলিওৱা হ'ব ৷
লগতে পঢ়ক :ৰাজস্থানৰ এখন কাৰাগাৰক কোভিড-১৯ হট্ স্পট হিচাপে ঘোষণা
তিনিটা বেটচ উৎপাদন কৰি উলিওৱাৰ পাচত দুই প্ৰক্ৰিয়াৰে ইয়াক পূৰণ কৰা হ'ব ৷ ইয়াৰে এটা স্থিৰতা (stability) আৰু আনটো জীৱ-জন্তৰ বিষ বিজ্ঞান (animal toxicology) কৰা হ'ব ৷ ইয়াৰ পাচতে তিনিটা animal toxicology নিগনি, এন্দুৰ আৰু শহাপহুৰ ওপৰত কৰা হ'ব ৷ জন্তুক আমি 1-2 পালি প্ৰতিষেধক দিম ৷
ইয়াৰ পাচতে আমি প্ৰথম পৰ্যায় আৰু দুটা ক্লিনিকেল ফৰমেচন কৰিম ৷ প্ৰথম পৰ্যাত 28 দিনীয়া পৰীক্ষণ চলিব আৰু COVID-19 মুক্ত লোকক বিচাৰি উলিয়াবৰ বাবে বাবে serology analysis কৰা হ'ব ৷ পৰীক্ষণৰ বাবে rt-pcr পৰীক্ষণৰ পাচত স্বয়ংসেৱক সকলক লাভ কৰাৰ পাচতে 28 দিনৰ বাবে প্ৰতিষেধকৰ পালি প্ৰদান কৰা হ'ব আৰু 28 দিনৰ দিনা নমুনা সংগ্ৰহ কৰা হ'ব ৷ ইয়াৰ পাচতে serology কৰা হ'ব ৷ দেহত প্ৰৱেশ কৰা এন্টিবডিয়ে ভাইৰাছবিধ দেহত বৃদ্ধি হোৱাত বাধা প্ৰদান কৰিব ৷ এই প্ৰক্ৰিয়াক নিস্ক্ৰীয়কৰণ প্ৰক্ৰিয়া (neutralisation) বুলি কোৱা হয় ৷
আমি তেজৰ নমুনা সংগ্ৰহ কৰি BSL-3 গৱেষণাগাৰত ৰাখিম আৰু ভাইৰাছ বিধে প্ৰসাৰ লাভ কৰিবলৈ সুবিধা নাপাব ৷ ইয়াৰ পাচত আমি দ্বিতীয় আৰু তৃতীয় পৰ্যায় পাম ৷ এয়া এক দীঘলীয়া প্ৰক্ৰিয়া ৷
প্ৰশ্ন : প্ৰতিষেধকৰ লাভ কৰাৰ আমি আৰু কিমান ওচৰত ?
উত্তৰ : নিশ্চিতভাৱে আমি প্ৰতিষেধক লাভ কৰিম ৷ আমি তিনিটাকৈ প্লেটফৰ্মত ইয়াৰ বাবে কাম কৰি আছো আৰু দুটা প্লেটফৰ্মত সফল হ'ব বুলি আমি নিশ্চিত ৷ শতকৰ ঘৰত R&D কোম্পানী আছে যদিও কিছু সংখ্যক কোম্পানীৰহে প্ৰতিষেধক প্ৰস্তুত কৰাৰ অভিজ্ঞতা আছে ৷
প্ৰশ্ন : নীতি আয়োগে জানিবলৈ দিয়া অনুসৰি, ভাৰতত ছয়টা প্ৰাৰ্থীয়ে প্ৰতিষেধক প্ৰস্তুতিৰ তালিকাত স্থান লাভ কৰিছে ৷ ভাৰতীয় উৎপাদকে বিষয়টো কেনেদৰে অৱলোকন কৰিছে ৷ ভাৰতীয় গৱেষণাগাৰ আৰু উৎপাদকৰ মাজৰ অনুপাত কেনেধৰণৰ ?
উত্তৰ : ভাৰতৰ অধিক সংখ্যক উৎপাদকেই প্ৰতিষেধকৰ প্ৰস্তুতিৰ সৈতে জড়িত আছে যদিও R&D কোম্পানী বহু কম ৷ গুণগত মানদণ্ড নিয়ন্ত্ৰণ আৰু প্ৰতিষেধকৰ গৱেষণাত তেওঁলোকৰ বিশেষ পাৰদৰ্শিতা নাই ৷
লগতে পঢ়ক :ক’ভিড-১৯ ৰ পৰৱৰ্তী সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত স্বচ্ছ ইন্ধন হ’ব পাৰে
এয়া এক দীঘলীয়া প্ৰক্ৰিয়া ৷ আমেৰিকাত বহু R&D কোম্পানী আছে ৷ ভাৰতত প্ৰস্তুতকাৰী কোম্পানীসমূহেই R&D কোম্পানীও হয় ৷ ভাৰত বায়'টেকো এটা R&D কোম্পানী আৰু বৰ্তমান ইয়াত বৰ্তমান 100 ৰো অধিক বিজ্ঞানীয়ে কাম কৰি আছে ৷
প্ৰশ্ন : BSL-3 কি হয় জনাব বিচাৰিব নেকি ?
উত্তৰ : BSL মানে হৈছে Bio Safety Level ৷ সৰ্বনিম্ন কেটেগৰী হৈছে BSL-1 আৰু সৰ্বোচ্চ কেটেগৰী হৈছে BSL-3 ৷ আমাৰ ওচৰত BSL গৱেষণাগাৰো আছে ৷ BSL-3 পৰ্যায়ৰ উৎপাদন কৰা ভাৰত বায়'টেকেই একমাত্ৰ কোম্পানী ৷ চীনেও শেহতীয়াকৈ এটা BSL-3 পৰ্যায়ৰ গৱেষণাগাৰ নিৰ্মাণ কৰিবলৈ 200 মিলিয়ন আমেৰিকান ডলাৰ মুকলি কৰি দিছে ৷ আমেৰিকাতো এনে এক গৱেষণাগাৰ নিৰ্মাণ হ'ব ৷
BSL-3 গৱেষণাগাৰ ভাৰতত নথকা হ'লে নিষ্ক্ৰীয় জীৱিত ভাইৰাছ প্ৰস্তুত কৰিব নোৱাৰিলোহেঁতেন ৷ বৰ্তমান আমি সঠিক পথত পৰিচালিত হৈ আছো ৷
প্ৰশ্ন :অসক্ৰিয় প্ৰতিষেধক প্ৰস্তুতিৰ ক্ষেত্ৰত বহু উৎপাদকে vero cell technology ব্যৱহাৰ কৰে ৷ ভাৰত বায়'টেকেও একে প্লেটফৰ্ম ব্যৱহাৰ কৰিছে নে অন্যান্য উপায় গ্ৰহণ কৰিছে ?
উত্তৰ : আমিও এক প্লেটফৰ্ম ব্যৱহাৰ কৰিছো ৷ বেলেগ প্লেটফৰ্ম ব্যৱহাৰ কৰিলে নিয়ামক বাধাৰ সৃষ্টি হয় ৷ মই দুই ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিম cell culture আৰু virus ৷ দুটাকৈ সামগ্ৰীৰ প্ৰকৃতি নিৰূপন কৰিব যাওঁতে ই জটিল হৈ পৰে ৷ vero cell technology এই ক্ষেত্ৰত স্বীকৃতিপ্ৰাপ্ত ৷ ইয়াৰোপৰি, vero cell ৰ জৰিয়তে আমি 7-8 টা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছো ৷