অসম

assam

By

Published : Jan 8, 2020, 4:40 PM IST

ETV Bharat / bharat

ভাৰত বন্ধ : প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত

ট্ৰেড ইউনিয়ন INTUC,AITUC,HMS,CITU,AIUTUC,TUCC,SEWA,AICCTU,LPF,UTUCৰ লগতে বহুকেইটা স্বাধীন ফেডাৰেশ্যন আৰু এচ'ছিয়েছনে 8 জানুৱাৰীত ৰাষ্ট্ৰজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল ৷

ট্ৰেড ইউনিয়নৰ ভাৰত বন্ধ
প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী : RSS অনুমোদিত ভাৰতীয় মজদুৰ সংঘৰ বাহিৰে সকলোবোৰ ট্ৰেড ইউনিয়ন আৰু বাওঁপন্থী সংগঠনে বুধবাৰে ৰাষ্ট্ৰজোৰা প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰৰ'জনতা বিৰোধী'নীতিৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰতিবাদকাৰী সকলে ৷ট্ৰেড ইউনিয়ন INTUC,AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, UTUCৰ লগতে বহুকেইটা স্বাধীন ফেডাৰেশ্যন আৰু এচ'ছিয়েছনে 8 জানুৱাৰীত ৰাষ্ট্ৰজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল ৷ বৰষুণৰ পৰিপেক্ষিততো দেশৰ ৰাজধানী দিল্লীত ট্ৰেড ইউনিয়নৰ সৈতে মিলিত হৈ বহুকেইটা ছাত্ৰ সংগঠনেও প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ দেশৰ অৰ্থনীতি,নিবনুৱা সমস্যা,কৃষকৰ ঋণ সমস্যা আৰু শেহতীয়া প্ৰতিবাদ সমাধান কৰিবলৈ প্ৰতিবাদকাৰী সকলে চৰকাৰক দাবী জনায় ৷ এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ ব্যৰ্থ হ'লে এই প্ৰতিবাদ ৰাষ্ট্ৰজোৰা বিদ্ৰোহত পৰিণত হ'ব বুলি মোডী চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত হ'লেও পশ্চিমবংগত ই ভয়ানক ৰূপ লোৱা দেখা গ'ল ৷ পশ্চিমবংগত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলোৱাৰ লগতে পৰিবহণ ব্যৱস্থাতো ইয়াৰ প্ৰভাৱ পৰা দেখা গ'ল ৷

প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত

ABOUT THE AUTHOR

...view details