নিউজ ডেস্ক, 18 মে': লক ডাউনৰ সময়চোৱাত সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছিল মহিলাৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ ঘটনা । তেনে সময়তে কৰ্ণাটকৰ বেংগালুৰুত ক্ৰমাত হ্ৰাস পাইছে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ পঞ্জীয়নৰ সংখ্যা । উল্লেখ্য যে, মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ পঞ্জীয়ণৰ বাবে ‘Suraksha’ নামৰ এক মবাইল এপৰ ব্যৱস্থা কৰিছিল ।
লক ডাউনৰ পূৰ্বে প্ৰায় 2000 মহিলাই ব্যৱহাৰ কৰিছিল ‘Suraksha’ মবাইল এপ । কিন্তু লক ডাউন জাৰি হোৱাৰ পাচত এই সংখ্যা 906 লৈ হ্ৰাস পায় । তাৰ পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ মে' মাহলৈ এই এপ ব্যৱহাৰকাৰীৰ সংখ্যা 200 গৰাকীলৈ নিম্মগামী হয় । ইয়েই মহিলা বিৰুদ্ধে ঘটা অপৰাধৰ পৰিমান নিম্নগামী হোৱাটো সূচায় ।