অসম

assam

By

Published : Jun 26, 2020, 10:40 PM IST

ETV Bharat / bharat

সাহাৰ্য বিতৰণতো দুৰ্নীতি : মমতাক নিন্দা ৰাজ্যপালৰ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ চৰকাৰখনে অলপতে হৈ যোৱা আমফানত ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্য বিতৰণৰ নামত কৰা পক্ষপাতমূলক আচৰণ, বিয়াগোম দুৰ্নীতিৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চল সমূহত সাহাৰ্যৰ পৰা বঞ্চিত সকলে কৰা প্ৰতিবাদকে ধৰি সমগ্ৰ ঘটণাটোক লৈ এতিয়া সক্ৰিয় হোৱা দেখা গৈছে পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখৰক । ক্ষতিগ্ৰস্তসকলক উচিত সাহাৰ্য প্ৰদানেৰে বিষয়টো শীঘ্ৰে পৰিসমাপ্তি ঘটাবৰ বাবে শুকুৰবাৰে এটা টুইটযোগে চৰকাৰক আহ্বান জনালে ৰাজ্যপাল গৰাকীয়ে ।

Bengal Guv hits out at Trinamool over Amphan relief
বেংগলত আমফানৰ দূৰ্গতক সাহাৰ্য বিতৰণতো দুৰ্নীতি ! ৰাজ্যপালে কৰিলে মমতাক নিন্দা

নিউজ ডেস্ক,২৬জুন: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ চৰকাৰখনে অলপতে হৈ যোৱা আমফানত ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্য বিতৰণৰ নামত কৰা পক্ষপাতমূলক আচৰণ, বিয়াগোম দুৰ্নীতিৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চল সমূহত সাহাৰ্যৰ পৰা বঞ্চিত সকলে কৰা প্ৰতিবাদকে ধৰি সমগ্ৰ ঘটণাটোক লৈ এতিয়া সক্ৰিয় হোৱা দেখা গৈছে পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখৰক । ক্ষতিগ্ৰস্ত সকলক উচিত সাহাৰ্য প্ৰদানেৰে বিষয়টো শীঘ্ৰে পৰিসমাপ্তি ঘটাবৰ বাবে শুকুৰবাৰে এটা টুইটযোগে চৰকাৰক আহ্বান জনালে ৰাজ্যপাল গৰাকীয়ে ।

কিছুদিন পূৰ্বে আমফান অৰ্থাৎ ঘূৰ্ণীবতাহে জোকাৰি যোৱা ৰাজ্যখনৰ অধিক সংখ্যক গাঁও ধ্বংস্তূপত পৰিণত হৈছিল । ইয়াৰ পাছতেই মমতা বেনাৰ্জী চৰকাৰে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত আত্মীয় কুটুমক সাঙুৰি সাহাৰ্য বিতৰণৰ নামত বিয়াগোম দুৰ্নীতি কৰাৰ অভিযোগেৰে সমগ্ৰ ৰাজ্য প্ৰতিবাদেৰে কপি উঠিছিল ।

বেংগলত আমফানৰ দূৰ্গতক সাহাৰ্য বিতৰণতো দুৰ্নীতি ! ৰাজ্যপালে কৰিলে মমতাক নিন্দা

এই প্ৰসংগত ৰাজ্যৰ ৰাজ্যপাল জগদ্বীপ ধনখৰে এটা টুইট কৰি আক্ষেপ প্ৰকাশ কৰাৰ লগতে দুৰ্গতসকলক উচিত প্ৰাপ্য প্ৰদান কৰি বিষয়টো সমাধানৰ বাবে আহ্বান জনালে ।

সাহাৰ্য বিতৰণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদৰ সময়চোৱাত পূৱ মদিনাপুৰ, দক্ষিণ আৰু উত্তৰ ২৪ পাৰগনাৰ আইন শৃংখলাৰ উদ্দেগজনক পৰিস্থিতিৰ কথাও টুইটটোত উল্লেখ কৰিলে ৰাজ্যপালগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details