নিউজ ডেস্ক , ২৮ জানুৱাৰী : কৃষি আইনৰ বিৰুদ্ধে দেশত প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে পশ্চিমবংগ চৰকাৰৰ এক আদৰণীয় পদক্ষেপ । কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে পশ্চিমবংগ বিধানসভাই বৃহস্পতিবাৰে কেন্দ্ৰক এই আইন প্ৰত্য়াহাৰ কৰিবলৈ এক প্ৰস্তাৱ আগবঢ়ায় । এই প্ৰস্তাৱটো সংসদীয় পৰিক্ৰমা মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে প্ৰেৰণ কৰে । প্ৰস্তাৱৰ বিষয়ে মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে কেন্দ্ৰই এই আইন প্ৰত্য়াহাৰ কৰিব লাগে নহ'লে ইয়াক অস্বীকাৰ কৰিব লাগে ।
কৃষি আইন বাতিলৰ দাবীৰে কেন্দ্ৰলৈ প্ৰস্তাৱ পশ্চিমবংগ বিধানসভাৰ - চিপিআই (এম) আৰু কংগ্ৰেছে সমৰ্থন
কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন প্ৰত্য়াহাৰ কৰিবলৈ পশ্চিমবংগ বিধানসভাই বৃহস্পতিবাৰে কেন্দ্ৰক এক প্ৰস্তাৱ আগবঢ়ায় । প্ৰস্তাৱটো সংসদীয় পৰিক্ৰমা মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে প্ৰেৰণ কৰে ।
কৃষি আইন বাতিলৰ দাবীৰে কেন্দ্ৰলৈ প্ৰস্তাৱ পশ্চিমবংগ বিধানসভাৰ
ইফালে ৰাজ্য় চৰকাৰৰ এই প্ৰস্তাৱক চিপিআই (এম) আৰু কংগ্ৰেছে সমৰ্থন কৰে যদিও ৰাজ্য় চৰকাৰ খনে কেইবছৰমান আগতে প্ৰণয়ন কৰা একে ধৰণৰ আইন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । আনহাতে বিজেপি বিধায়কসকলে এই প্ৰস্তাৱৰ বিৰোধিতা কৰে আৰু "জয় শ্ৰী ৰাম" শ্লোগান দি গমন কৰা দেখা যায় ।
লগতে পঢ়ক :টোলগেটত বাধ্যতামুলক ফাষ্টটেগ; অন্যথা দিব লাগিব দুগুণ জৰিমনা