অসম

assam

বহিঃৰাজ্যত আবদ্ধ লোকক আনিবলৈ সাজু পশ্চিম বংগ চৰকাৰ

By

Published : May 9, 2020, 8:29 PM IST

তামিলনাডু, তেলেংগানা, কৰ্ণাটক আৰু পাঞ্জাৱত আবদ্ধ 30,000 লোকক উভটাই আনিবলৈ বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে পশ্চিম বংগ চৰকাৰে ।

Bengal arranging special trains to bring back 30,000 stranded people: Official
Bengal arranging special trains to bring back 30,000 stranded people: Official

নেশ্যনেল ডেস্ক, 9 মে':পশ্চিম বংগ চৰকাৰে তামিলনাডু, তেলেংগানা, কৰ্ণাটক আৰু পাঞ্জাৱত আবদ্ধ 30,000 গৰাকী লোকক উভটাই আনিবলৈ বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে । এই বিষয়ে জানিবলৈ দিয়ে পশ্চিম বংগ চৰকাৰৰ জ্যেষ্ঠ বিষয়া সকলে ।

আবদ্ধ লোকসকলৰ ভিতৰত আছে শ্ৰমিক, ৰোগী আৰু ৰাগীৰ লগত যোৱা লোক, ছাত্ৰ-ছাত্ৰীকে ধৰি বহু কেইগৰাকী তীৰ্থযাত্ৰী । তেওঁলোকক ঘূৰাই অনাৰ সন্দৰ্ভত ইতিমধ্যে পশ্চিম বংগ চৰকাৰে আন ৰাজ্য চৰকাৰৰ বিষয়া সকলৰ সৈতে আলোচনা অব্যাহত ৰাখিছে । ন'ডেল বিষয়া সকলে এই ক্ষেত্ৰত নিৰীক্ষণো কৰি আছে ।

উক্ত 4 খন ৰাজ্যত মুঠ 31,224 গৰাকী লোক আবদ্ধ হৈ আছে । যাৰ ভিতৰত সবাতোকৈ অধিক লোক তেলেংগানাত আছে । বিষয়া সকলে উল্লেখ কৰা অনুসৰি, পশ্চিম বংগৰ প্ৰায় 7,500 লোকক আনিবলগীয়া এখন ৰে'লে শনিবাৰে কৰ্ণাটকৰ বাংগালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু দেওবাৰ বা সোমবাৰৰ ভিতৰত ৰাজ্যখনৰ বাকুৰা, পুৰুলীয়া আৰু নিউ জলপাইগুৰি ষ্টেচনত প্ৰবেশ কৰিব । ইয়াৰোপৰি প্ৰায় 2,418 গৰাকী লোকক লৈ সোমবাৰে তামিলনাডুৰ ভেলোৰৰ পৰা আন দুখন ৰে'লে যাত্ৰা আৰম্ভ কৰিব আৰু মঙলবাৰে ৰাজ্যখনৰ খড়গপুৰ আৰু হাওৰা ষ্টেচনত প্ৰবেশ কৰিব ।

পাঞ্জাৱত থকা লোকসকলৰ বাবেও দুখন ৰে'লৰ ব্যৱস্থা কৰা হৈছে । বিষয়া সকলে জানিবলৈ দিয়া অনুসৰি, এখন ৰে'লে দেওবাৰে হুগলী জিলাৰ বাণ্ডেল ৰে'লৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব ।

আনহাতে তেলেংগানাত আবদ্ধ 17,000 লোকৰ বাবে অহা সপ্তাহত, পশ্চিম বংগ অভিমুখী ৰে'ল ৰাওনা হ'ব বুলি ধাৰণা কৰা হৈছে । উল্লেখ্য যে, তেলেংগানাত থকা অধিক সংখ্যক লোক মালদা, মুৰ্শ্বিদাবাদ, নাদিয়া, পূব আৰু পশ্চিম মিদনাপুৰ, উত্তৰ আৰু দক্ষিণ 24 পাৰগানা আৰু বাকুৰা জিলাৰ শ্ৰমিক । যিসকল নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ আছে, বিশেষকৈ হায়দৰাবাদত ।

পশ্চিম বংগ চৰকাৰে বিগত সপ্তাহত ৰাজস্থানৰ কোটাৰ পৰা 1000তকৈয়ো অধিক শ্ৰমিকক উভটাই অনাত সহায় কৰিছে ।

লগতে পঢ়কঃকেন্দ্ৰই মিছা মাতিছে, শ্ৰমিকক নিবলৈ ৮খন ৰেল আছে : তৃণমুল কংগ্ৰেছ

ABOUT THE AUTHOR

...view details