অসম

assam

ETV Bharat / bharat

লক ডাউনে বিড়ী উদ্যোগৰ শ্ৰমিকৰ জীৱিকালৈ আনিছে শংকা !

২১ দিনীয়া লক ডাউনৰ পাচত কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ১৯ দিনলৈ বৃদ্ধি কৰা হ'ল লক ডাউনৰ সময়-সীমা । যাৰ বাবে এতিয়া ওড়িশাত বহু বিড়ী উদ্যোগৰ শ্ৰমিকে হেৰুৱাইছে নিজৰ জীৱিকা ।

Beedi workers of Odisha lose their livelihood amid nationwide lockdown
লক ডাউনে বিড়ী উদ্যোগৰ শ্ৰমিকৰ জীৱিকালৈ আনিছে শংকা !

By

Published : Apr 16, 2020, 12:15 PM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ দেশত ৩ মে' লৈ বৃদ্ধি কৰা হ'ল লক ডাউনৰ সময়-সীমা । কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ২১ দিনীয়া লক ডাউনৰ পাচতে ভাৰত চৰকাৰে পুনৰ ১৯ দিনলৈ বৃদ্ধি কৰে লক ডাউনৰ সময়-সীমা । কিন্তু এই বৰ্ধিত লক ডাউনে এতিয়া বহু দৈনিক কাম কাজ কৰা, প্ৰৱাসী শ্ৰমিকৰ জীৱিকালৈ আনিছে শংকা । ইতিমধ্যে বহু শ্ৰমিকে হেৰুৱাইছে নিজৰ জীৱিকা। তেনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে ওড়িশাৰ চম্বলপুৰৰ বিড়ী উদ্যোগৰ শ্ৰমিকসকল । এই শ্ৰমিকসকলে প্ৰতিদিনে বিড়ী তৈয়াৰ কৰি দিনে ৫০ ৰ পৰা ১০০ টকাকৈ উপাৰ্জন কৰি আহিছিল । কিন্তু লক ডাউনৰ মাজত এতিয়া যথেষ্ট কষ্টৰ সন্মুখীন হৈছে পৰিয়ালটো ।

লক ডাউনে বিড়ী উদ্যোগৰ শ্ৰমিকৰ জীৱিকালৈ আনিছে শংকা !

চম্বলপুৰ জিলাত আগতে ৫০ টা বিড়ী কাৰাখানা কাৰ্যকৰী হৈ আছিল যদিও বৰ্তমান ১২ টা কাৰখানাহে কাৰ্যৰত । কিন্তু দেশজুৰি লক ডাউনৰ ফলত সেয়াও বন্ধ হৈ পৰি আছে ।

শ্ৰমিক সংস্থাৰ নেতাৰ মতে,এই চম্বলপুৰ জিলাত প্ৰায় ১ লাখ ২০ হাজাৰ বিড়ী শ্ৰমিক আছে । ৫০ শতাংশ শ্ৰমিক পঞ্জীকৃত যদিও চৰকাৰৰ আঁচনি অধীনত পাৰিশ্ৰমিক লাভৰ পৰা বঞ্চিত হৈ আহিছে ।

লক ডাউনে বিড়ী উদ্যোগৰ শ্ৰমিকৰ জীৱিকালৈ আনিছে শংকা !

লক ডাউনৰ সময়ত চৰকাৰৰ পৰা কিছু কিছু সাহাৰ্য দিয়া হৈছে যদিও সেইয়া পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰা হৈছে । আনহাতে এনে কঠিন পৰিস্থিতিৰ সময়ত দূৰত অৱস্থিত বেংক সমূহলৈ যাবলৈ অসমৰ্থ এইসকল লোক । ইপিনে বহু লোক চৰকাৰৰ সাহাৰ্যৰ পৰা সম্পূৰ্ণ ৰূপে বঞ্চিত হৈ আছে বুলি উল্লেখ কৰে ভাৰতীয় শ্ৰমিক সংস্থাৰ সদস্য জগদীশ ভিছৱালে ।

ABOUT THE AUTHOR

...view details